নতুনকৈ প্ৰেমত পৰিছা
সেইবাবেই হয়তো বাঢ়ি আহিছে
আজিকালি তোমাৰ ভাল লগাবোৰ
আকাশৰ নীলা, সোণাৰুৰ হালধীয়া,
কাঞ্চনৰ বগা আৰু খিৰিকীৰ ফাঁকেৰে
নিভাঁজ সেউজীয়াৰ মাজত
হৃদয়ৰ ৰঙাৰে উদযাপন কৰিছা
প্ৰত্যেকদিনাই কেৱল তোমাৰ বাবে অহা
ভেলেণ্টাইন ডে বোৰ.....।
সেইবাবেই হয়তো বাঢ়ি আহিছে
আজিকালি তোমাৰ ভাল লগাবোৰ
আকাশৰ নীলা, সোণাৰুৰ হালধীয়া,
কাঞ্চনৰ বগা আৰু খিৰিকীৰ ফাঁকেৰে
নিভাঁজ সেউজীয়াৰ মাজত
হৃদয়ৰ ৰঙাৰে উদযাপন কৰিছা
প্ৰত্যেকদিনাই কেৱল তোমাৰ বাবে অহা
ভেলেণ্টাইন ডে বোৰ.....।







