অনুভৱৰ বিষন্নতা ...✍ ঋতুপৰ্ণা মাক্ৰাৰী

যৌৱনৰ  প্ৰথম খোজতে
তোমাৰ সুবাসে আঁকি যায়
জীৱনৰ নতুনত্ব !
জীৱনৰ মাদকতা
সকলো যেন এক  ইন্দ্ৰছায়া !

অৱধাৰিত ভাৱে চলন্ত
যেন সকলো........

মই যে স্থিতপ্ৰজ্ঞ
কৰ্মমুখী জীৱনৰ
কৰ্মৰ অনুসন্ধানত !

মেলি দিলো জীৱন নামৰ
নৈখনত নিজকে সীমাহীনভাৱে....
জীৱনৰ স্নিগ্ধতা বিচাৰি পোৱা
দূৰন্ত হাবিয়াসত
নুবুজিলো তোমাৰ হৃদয়ৰ
অফুৰন্ত পৰিভাষা …
বিলীন হ'ব দিলো তোমাক
সোঁৱৰণিৰ বুকুত.....

আজি তোমাৰ আকস্মিক আগমনে
মোক স্তব্দ কৰি তুলিছে

ক'লা মেঘৰ ডাৱৰে যেন
মোক আৱৰি ধৰিছে,
শেৱালিৰ সুবাসেও
আজি মোক পুলুকিত কৰিব পৰা নাই !
বুকুৰ তামীঘৰত যেন বৈ আহিছে.....
বৃষ্টিৰ এক জোৱাৰ !
তুমি দি যোৱা
অনুভৱৰ টোপোলাটোত
বিচাৰি পালো জীৱনৰ
এক বুজাব নোৱাৰা আমেজ !
আজি তোমাৰ পুনৰ আগমনে
সিঁচি দিলে মোৰ বুকুত
মুঠি মুঠি ৰ'দালি !
কিন্তু মই আজিও স্থিতপ্ৰজ্ঞ
কাৰোবাৰ  প্ৰতিশ্ৰুতিক লৈ....

বিচাৰি পালো
কৰ্মময় জীৱনৰ স্নিগ্ধতাৰ সুবাস!

কিন্তু মই আধৰুৱা
মোৰ অন্তৰ্ভেদি আত্মাই
আজিও………………
তোমাক পোৱাৰ হাবিয়াস !
তুমি এতিয়া ইখন এখন নাৱৰ  যাত্ৰী
মই এইখন নাৱৰ যাত্ৰী
মোৰ এই আস্থাহীন অনুভৱ
আদিতেই অন্ত গ'ল
নীৰৱে নিস্তব্দে …
মাথো ৰৈ গ'ল হৃদয়ত
অনুভৱৰ  বিষণ্ণতা ।

ঠিকনাঃ ডিব্ৰুগড়