সময়ৰ গতিত জীৱন ✍ লিম্পী পাঠক

ৰাতি পুৱা চাৰি বজাত উঠি দৌৰিবলৈ সাজু হোৱা মনি জনীয়ে মাকক উঠাইছে, মা উঠা আকৌ মোৰ দৌৰিবলৈ যাবৰ হ'ল । মাক নিলাঞ্জনাই ৰ' চাৰি বাজিছেহে যাৱইনে বুলি কৈ শেষ নহওঁতেই মনি দৌৰিবলৈ গুচি গ'ল । এনেদৰেই তাই সদায় দৌৰিবলৈ যায় । তাই হেনু দেশৰ সেনাবাহিনীত যুগদান কৰিব । কিন্তু এই কথা মাকে একেবাৰেই ভাল নাপায় তথাপি এইটো নহয় নে নিলাঞ্জনাই নিজৰ দেশক বেয়া পায় । মনিকো তাইয়ে তো শিকাইছিল দেশ প্ৰেম দেশ ভক্তি । তথাপিও তাই এগৰাকী মাতৃ সেই হিচাপে নিজৰ সন্তান কেনেদৰে বিপদৰ মুখলৈ ঠেলি দিব তাতে আকৌ নিলাঞ্জনাৰ এজনীয়ে ছোৱালী মনি । সিহঁতৰ পৰিয়ালটোত মাত্ৰ সদস্য তিনিটা নিলাঞ্জনা, স্বামী দিগন্ত বৰুৱা আৰু একমাত্ৰ ছোৱালী মনি । মনিৰ সপোনবোৰ আৰু লক্ষ্য ৰ বিষয়ে দেউতাক দিগন্তই ভালদৰে জানে তাইৰ যিমান পাৰে সহায় কৰিবলৈও চেষ্টা কৰে । কিন্তু তেওঁৰ পত্নীয়ে এইবোৰ বৰ বেয়া পায় । মনিয়ে এতিয়া বি এ পঢ়ি আছে যদি ও তাইৰ বয়স ১৭ বছৰ এদিন হঠাৎ তাই কলেজৰ পৰা আহি আনন্দত আত্মহাৰা হৈ পৰিল,তাই কলেজত গম পাই আহিছে যে আৰক্ষীৰ কিবা চাকৰি উলিয়াইছে । লৰালৰিকৈ আহি মনিয়ে ম'বাইলত নেট তো খুলি চাই দেখে কথাটো সঁচা কিন্তু বয়স হ'ব লাগিব ১৮ বছৰ কথাটো শুনি নিলাঞ্জনাৰ মনত আনন্দৰ ঢৌ উঠিছিল যদিও মনিৰ মৰা মনটো দেখি কষ্টও পাইছিল । এনেদৰে দিনৰ পাছত দিন পাৰহৈ যাব ধৰিছে আৰু নিলাঞ্জনাৰ কথা বোৰে মনিক কোনো এটা সিদ্ধান্ত লোৱাত অসুবিধাৰ সৃষ্টি কৰি তুলিছে । তথাপি মনিৰ অভ্যাস অবিৰত ভাৱে চলি আছে ।
মনিৰ কলেজত নবাগত আদৰণি সভাৰ আয়োজন কৰিছে । সেই সভাৰ প্ৰস্তুতিৰ বাবে মনিকো নানা দায়িত্ব দিছে আৰু তাই সেইবোৰ সুকলমে পালন কৰি গৈছে । সভাৰ উপলক্ষে এখন হাতেলিখা আলোচনীও প্ৰস্তুত কৰিছে । আনবোৰ কামত সহায় কৰিছে যদিও এই কামত মনি লগা নাই কিয়নো তাইৰ কবিতা,গল্পৰ প্ৰতি কোনো আকৰ্ষণ নাই তথাপি লগৰবোৰে কোৱাৰ বাবে অলপ সহায় কৰি দিছে । কিন্তু মনিত কৈ ডাঙৰ ওপৰ শ্ৰেণীৰ যদিও অনামিকা তাইৰ বান্ধৱীৰ দৰেই, অনামিকা য়ে বৰকৈ লাগি আছে গল্প এটা লিখ । ইমাকৈ লাগি থকাত মনিয়ে এটা গল্প লিখাৰ ঠিৰাং কৰিলে । সভাত আকৌ সুন্দৰকৈ কবিতা,গল্প লিখা সকলক পুৰস্কৃত কৰা হ'ব । মাক নিলাঞ্জনা ৰ সহযোগত এটা গল্প লিখিলে । ক্ৰমাত দিনবোৰ আগুৱাই যাবলৈ ধৰিলে । কলেজৰ সভাৰ নিদ্ধাৰিত সময় পালেহি ৷
আনবোৰ ছাত্ৰীৰ দৰে তাই ও ব্যস্ত আছিল সভাত উপস্থিত অতিথিক আদৰাত । সময়ৰ লগে লগে সভা আৰম্ভ হ'ল সভাৰ মাজতে হঠাৎ মনিৰ নামতো মতা হৈছে তাই উচপ খাই উঠিল তাই নিজেই গম নোপোৱাকৈ য়ে আপুনা -আপুনিকৈ সভাৰ মাজলৈ আগবাঢ়ি আহিল আৰু এজন নিমন্ত্ৰিত বিশিষ্ট অতিথিয়ে এটা উপহাৰ আৰু এখনি মানপত্ৰৰ সৈতে মনিৰ হাতত দিলে । তাই গমেই পোৱা নাছিল সেই সময়ত কি হৈছিল । সভাৰ মাজৰ পৰা উলাই আহি মনিয়ে আলফুলে মানপত্ৰ খন উলিয়াই চালে আৰু দেখিলে সেইখন পত্ৰ তাইক শ্ৰেষ্ঠ গল্পকাৰৰ বাবে পাইছে । অৰ্থাৎ মনিয়ে জানিব পাৰিলে যে তাইৰ সেই গল্পটোয়ে কলেজৰ ভিতৰতে শ্ৰেষ্ঠ সন্মান পাইছে । তাই আনন্দত আত্মহাৰা হৈ পৰিল তাই ইমানেই আনন্দিত হৈ পৰিছিল যে তাই যিদিনা চাকৰি উলোৱা গম পাইছিল সেইদিনাও ইমান ফূৰ্তিত নাছিল । তাই ভাবিছিল সেই সাফল্যৰ সন্মান কেৱল তাইৰ মাকৰ বাবেহে লাভ কৰিছে । যি কি নহওক মনিৰ এই সফলতাত নিলাঞ্জনা ও সুখী আছিল । তেতিয়াৰ পৰাই মনিয়ে দুই এটা গল্প লিখিবলৈ আৰম্ভ কৰিছিল এনেদৰে ক্ৰমাত মনিৰ জীৱনলৈ ইমান পৰিৱৰ্তন আহিল যে কবিতাৰ অবিহনে তাই নিসংগতাৰ অনুভৱ কৰিব ধৰিলে । তাইৰ জীৱনত সময়বোৰ গম নোপোৱাকৈয়ে সলনি হৈ গৈছে ।
এনেদৰে প্ৰায় বোৰ সময় পাৰ হৈ যোৱাৰ পাছত এদিন ৰাতিপুৱা ৪ বজাৰ এৰ্লাম বাজিছে কিন্ত মনি সাৰ পোৱা নাই । মাক নিলাঞ্জনাই চিঞৰিছে মনি উঠঃ চাৰি বাজিল মনিয়ে সাৰ নাপালে মাকেও ইমানকৈ যোৰ নকৰিলে । হঠাৎ মনিয়ে সাৰপায় দেখে ঘড়ীটোত আঠ বাজিছে । তাই বিচনাতে বহি নিজকে প্ৰশ্ন কৰিছে কিয় আজি তাই সাৰ নাপালে ? তাইৰ কথাষাৰ ভাবি জীৱতো উৰি যোৱা যেন লাগিল । এটা পুৰস্কাৰ আৰু সময়ৰ পৰিবৰ্তনে তাইৰ জীৱনৰ লক্ষ্য সলনি কৰিছে নেকি ?

ঠিকনাঃ কাজিৰঙা মহাবিদ্যালয় ।