সৌ সিদিনাৰ দৰে
আজি আকৌ এক অগ্নিপৰীক্ষা
মোৰ ভালপোৱাৰ ৷
মহাসতী সীতাৰ দৰে
সেইযে মিছা অপবাদৰ বাবে
দিবলগা হৈছিল
এক অগ্নিপৰীক্ষা।
নাৰী তুমি আকৌ এবাৰ
সমাজৰ কাঠগৰাত
তোমাৰ ইপ্সিত আশাবোৰ এতিয়া ছলনা।
কিন্তু আশাবোৰ জীৱিত কৰিলে কোনে
বুকুৰ সুগভীৰ মৰমেৰে
স্পৰ্শবোৰ এতিয়া পাপ হ'ল
কিন্তু এটা আলিংগনৰ বিনিময়ত
দেহৰ সৰ্ব্বোচ্চ কোনে কাঢ়ি নিলে
মনত পৰেনে তোমাৰ
তুমিযে কৈছিলা
''দুজনৰ মনৰ মিলনেৰে হোৱা মিলন কেতিয়াও পাপ নহয়।''
আজি দেখোন তুমিয়ে সেই পাপৰ সমভাগী কৰিলা।
বিসৰ্জন দিবলৈ তুমি মাটিৰে সজোৱা
মূৰ্তি নহয়
তুমিটো মোৰ মনৰ থাপনাত
সাঁচি ৰখা
মোৰ হৃদয়ৰ মণিকূটৰ
মোৰ ভগৱান।
আজি মই তোমাৰ দেহত
শিপাই যোৱা ৰঘুমলা
কিন্তু সেই মইজনীয়ে জানো নাছিলো
তোমাৰ মন আকাশৰ
সকলোতকৈ প্ৰিয় নাৰী
তোমাৰ শয্যাসঙ্গী।
যি শয্যা শৰশয্যালৈ ৰুপান্তৰিত হৈছে
ক্ৰমশঃ যন্ত্ৰণাৰে পৰিপূৰ্ণ
তুমি ভুল ভাবিচা
এই অনুশীলন পত্নী হোৱাৰ নহয়
এয়া মই মোক
তোমাক তুমি কৰাৰ অনুশীলন।
তোমাৰ কবিতা যদি মোৰ অনুৰাগ
তুমি মোৰ ভালপোৱা।
সেইযে জাত পাতৰ কাহিনীটো
কোন বাৰু তাৰ নায়ক
সেইযে মিছা ভালপোৱাৰ নাটকখন
কোন তাৰ ৰচয়িতা ?
মইটো কেতিয়াও বিকল্প বিচৰা নাছিলো
আজি মই কিয় বিকল্প হ'লো ?
সুবাসবোৰ এতিয়া বিষাক্ত বতাহ
নাৰীৰ মৰমবোৰ এতিয়া গ'ল
সেই নাৰীয়ে কাৰোবাৰ মা, ভনী, জী।
মই ভাগৰি পৰিছো অ'
মোক জিৰাব দিয়া
মোক সমাজৰ কাঠগৰাত নহয়
তোমাৰ হৃদয়ত স্থান দিয়া
বুকুত হাত থৈ কোৱাচোন এবাৰ
এয়াই জানো মোৰ প্ৰাপ্য নহয় ?
ঠিকনাঃ বঙাইগাওঁ
আজি আকৌ এক অগ্নিপৰীক্ষা
মোৰ ভালপোৱাৰ ৷
মহাসতী সীতাৰ দৰে
সেইযে মিছা অপবাদৰ বাবে
দিবলগা হৈছিল
এক অগ্নিপৰীক্ষা।
নাৰী তুমি আকৌ এবাৰ
সমাজৰ কাঠগৰাত
তোমাৰ ইপ্সিত আশাবোৰ এতিয়া ছলনা।
কিন্তু আশাবোৰ জীৱিত কৰিলে কোনে
বুকুৰ সুগভীৰ মৰমেৰে
স্পৰ্শবোৰ এতিয়া পাপ হ'ল
কিন্তু এটা আলিংগনৰ বিনিময়ত
দেহৰ সৰ্ব্বোচ্চ কোনে কাঢ়ি নিলে
মনত পৰেনে তোমাৰ
তুমিযে কৈছিলা
''দুজনৰ মনৰ মিলনেৰে হোৱা মিলন কেতিয়াও পাপ নহয়।''
আজি দেখোন তুমিয়ে সেই পাপৰ সমভাগী কৰিলা।
বিসৰ্জন দিবলৈ তুমি মাটিৰে সজোৱা
মূৰ্তি নহয়
তুমিটো মোৰ মনৰ থাপনাত
সাঁচি ৰখা
মোৰ হৃদয়ৰ মণিকূটৰ
মোৰ ভগৱান।
আজি মই তোমাৰ দেহত
শিপাই যোৱা ৰঘুমলা
কিন্তু সেই মইজনীয়ে জানো নাছিলো
তোমাৰ মন আকাশৰ
সকলোতকৈ প্ৰিয় নাৰী
তোমাৰ শয্যাসঙ্গী।
যি শয্যা শৰশয্যালৈ ৰুপান্তৰিত হৈছে
ক্ৰমশঃ যন্ত্ৰণাৰে পৰিপূৰ্ণ
তুমি ভুল ভাবিচা
এই অনুশীলন পত্নী হোৱাৰ নহয়
এয়া মই মোক
তোমাক তুমি কৰাৰ অনুশীলন।
তোমাৰ কবিতা যদি মোৰ অনুৰাগ
তুমি মোৰ ভালপোৱা।
সেইযে জাত পাতৰ কাহিনীটো
কোন বাৰু তাৰ নায়ক
সেইযে মিছা ভালপোৱাৰ নাটকখন
কোন তাৰ ৰচয়িতা ?
মইটো কেতিয়াও বিকল্প বিচৰা নাছিলো
আজি মই কিয় বিকল্প হ'লো ?
সুবাসবোৰ এতিয়া বিষাক্ত বতাহ
নাৰীৰ মৰমবোৰ এতিয়া গ'ল
সেই নাৰীয়ে কাৰোবাৰ মা, ভনী, জী।
মই ভাগৰি পৰিছো অ'
মোক জিৰাব দিয়া
মোক সমাজৰ কাঠগৰাত নহয়
তোমাৰ হৃদয়ত স্থান দিয়া
বুকুত হাত থৈ কোৱাচোন এবাৰ
এয়াই জানো মোৰ প্ৰাপ্য নহয় ?
ঠিকনাঃ বঙাইগাওঁ







