এটি চিৰন্তন সত্য (গায়ত্ৰী)

মোৰ জীৱনৰ এটি চিৰন্তন সত্য
মোৰ প্ৰেম কেতিয়াও সফল নহয়,
কালিকা লগা হৃদয়খনে হয়তে
বুজিবই নোৱাৰে কাকো,
পুৰুষ সুলভ দেহাটোৱে হয়টো
গলাব নোৱাৰে কাকো,
সেয়ে আধাটি জীৱন
এক অবুজ বেদনাত ডুবি থাকোতেই গ'ল ৷
সঁচাকৈ, কেতিয়াকে পূৰ্ণ হ'ব
মোৰ জীৱনৰ উশৃংখলতা বোৰ,
কেতিয়াকে যে নিৰ্মান হ'ব
হৃদয়ৰ পকান্দ ভেটি,
কেতিয়াকে বুৰ যাম মই
প্ৰেমতে মাতাল হোৱা এসাগৰ ভাৱনাত ৷