এটি প্ৰেমৰ পদ্য (ৰথীন্দ্ৰ কুমাৰ নাথ)


এটি শীতাৰ্ত সন্ধিয়াত
তোমাৰ সৈ'তে সান্ধ্য ভ্ৰমণত
পথৰ দুকাষে ফুলি উঠিব কৃষ্ণচূড়া ৷

মোৰ দুবাহুত সোমাই পৰিব
এটি চঞ্চলা গধূলি...

তুমি দুহাত মেলি দিবা
মই কুকুহা হৈ তোমাৰ বুকুত সোমাম...
ডালত বহি চৰাইয়ে গীত জুৰিব,
জোনাকী পৰুৱাই নাচিব ৷

তুমি ক'বা...
সন্ধিয়াৰ জিল্- মিল্ আকাশৰ তলত
আমি মুক্ত বিহংগ মাথো
মই কম এয়া মাথো আৰম্ভণি... !

এতিয়া যে মোৰ বুকুত তোমাৰ
উফন্দা কুঁ‌ৱলীৰ নিষিদ্ধ আচ্ছাদন ৷