ছন্দত লিখিলো
মোৰ মনক কবিতা
একমনে বহি লৈ
শুনিবা সেই কবিতা ৷
বাইশ শ্ৰুতি আৰু সপ্তম্বৰত
বাজিলে বহুতো গান ৷
মোৰ সেই গানবোৰ
নকৰিবা থান বান
মোৰ কবিতা মোৰ গানৰ সুৰত
কোনে সাৰ পাব ৷
মোৰ গানৰ সুৰে মোৰ কবিতাৰ ভাষাই
জ্বলিছে আকাশত সোণৰ কবিতা
সেই গানত সেই কবিতাত জ্বলে
বিশ্ব গানত সেই কবিতাত জ্বলে
.
বিশ্ব গানত সেই কবিতাত জ্বলে
বিশ্ব ছবিৰ মহা ত্যাগৰ মহা মানৱতা
মোৰ কবিতা পান শুনি
কোনে ভোল যাব
বুকুৰ তেজেৰে লিখা কবিতা গান মোৰ
চকুৰ পানীৰে নমচিবা
চকুৰ পানীৰে লিখা কবিতা গান মোৰ
আলৈ আথানি নকৰিবা ৷







