তুমি কৈছিলা-
তুমি আগৰ দৰে হৈ থকা নাই,
সলনি কৰিছা নিজক ।
তুমি আগৰ দৰে হৈ থকা নাই,
সলনি কৰিছা নিজক ।
মই কৈছিলো-
সূৰ্য সদাই স্থিৰ হৈ থাকে,
গতি সলনি কৰে পৃথিৱীয়ে ।
তুমি কৈছিলা-
তুমিয়ে কোৱা
আৰু কিমান দিন উদযাপন কৰিম
অপেক্ষাৰ সন্ধ্যা ?
মই কৈছিলো-
দিনে দিনে বাঢ়ি গৈ আছে নেকি
তোমাৰ অভিমানী উশাহ ?
নতুনকৈ গজালি মেলিছে তোমাৰ যৌৱন ?
তুমি কৈছিলা-
কি অকৰাৰ দৰে আবোল- তাবোল বলকি আছা ?নিশাৰ এন্ধাৰ মাতাল হৈ পৰিছে
তোমাৰ অপেক্ষাত ।
মই কৈছিলো-
এন্ধাৰক ভীষণ ভয় লাগে ।
তুমি কৈছিলা-
এন্ধাৰৰো নিজস্ব এটা পোহৰ আছে,
যি পোহৰত তোমাক দেখো ।
স্মৃতিবোৰ হেৰাই যাব নেকি ?
মই কৈছিলো-
এদিনটো সকলোৱে হেৰাই যাব ...
যেনেদৰে মই হেৰাই গৈছো তোমাৰ গভীৰতাত ।
তুমি কৈছিলা-
ক্ষন্তেকৰ বাবে হ'লেও উভতি আহা ।
তুমি উভতি আহিলে
টোপনিৰ কোলাত নিঃশেষ হোৱা সপোনবোৰ
উচুপি উচুপি কম কোনেও নজনাকৈ ।
.
মই কৈছিলো-
বাদ দিয়া তোমাৰ আৱেগ, অনুভূতি, সপোন ...
তুমি কৈছিলা-
এয়া চোৱা গোপন ফুলপাহ
কেনেকৈ চঞ্চল হৈ ফুলি উঠিছে !
মই কৈছিলো-
কোনেও নেদেখাকৈ মৰহি যাব
এই পৃথিৱীতে ।
তুমি কৈছিলা-
আকৌ ৰোপণ কৰিব নোৱাৰিনে
এমুঠি প্ৰেমৰ বীজ ?
মই কৈছিলো-
আহা তেনেহ'লে,
একেলগে প্ৰয়োজনীয় উৰ্বৰা দি
জীপাল কৰো অংকুৰিত হোৱাৰ প্ৰয়াসেৰে...!
আহা তেনেহ'লে,
একেলগে প্ৰয়োজনীয় উৰ্বৰা দি
জীপাল কৰো অংকুৰিত হোৱাৰ প্ৰয়াসেৰে...!








