অভিশাপ নে আশীৰ্বাদ ? - চতুৰ্থ খণ্ড (বৈজয়ন্তী কৌৰ)

এখন দীঘল চিঠি ৷
ৰণ্টু দা আপোনাক কথা এটা কম কম বুলি ক'বলৈ সাহস কৰিব নোৱাৰিছিলো ৷ আপোনাক কিবা কওঁ বুলি ভাবিলেই নীৰণৰ মুখখন চকুৰ আগত ভাঁহি আহে, তেতিয়া মই বৰ কষ্ট পাওঁ অ' ৷ আপুনি নীৰেণৰ সকলো দায়িত্ব পালন কৰি আহিছে ৷ কিন্তু তথাপিতো মই শান্তি পোৱা নাই ৷ মোৰ বৰ অশান্তি লাগে অ' ৰণ্টু দা ৷ কিন্তু, চৰম আৰু চিমৰণক গতালো আপোনাক, টকাৰ কাৰণে চিন্তা নকৰিব মই সকলো যোগাৰ কৰি আহিছো ৷ মই জানো ইহঁত দুটাক আপুনি ভাল মানুহ কৰিব ৷ মই মোৰ নিজৰ স্বাৰ্থৰ কাৰণে ইহঁত দুটাক অৱহেলা কৰিছো ৷ শেষত এটা সিদ্ধান্ত লৈ পেলালো - মোৰ লগৰ জনৰ লগত মন্দিৰত বিয়া সোমালো ৷ চিঠিখন পোৱালৈ হয়তো আপুনি মোক বাধা দিয়াৰ সময়ো পাৰ হৈ যাব, মোক ক্ষমা কৰিব ৰণ্টু দা ৷ মোৰ এই যাত্ৰা পথত সুখী হ'বলৈ আশীৰ্বাদ জনাব ৷ শেষত আপোনালো সশ্ৰদ্ধা প্ৰণাম জনালে ৷

ইতি
ৰুমী

মই বহু সময় চিঠিখন হাতত লৈ কি চিন্তা কৰিছো ক'ব নোৱাৰো ৷ এবাৰ ভাবিলো পুলিচক খবৰ দিওঁ কিন্তু পুলিচক খবৰ দিলে কি হ'ব ? তাইটো স্বইচ্ছাৰে গৈছে ৷ বাৰে বাৰে নীৰেণলৈ মনত পৰিছে, সি কেলৈ ইমান বছৰৰ পাছত মোক লগ পালে ? কিয় এই মায়া সংসাৰত মোক বান্ধি থৈ গ'ল ৷ ঈশ্বৰে যদি তাৰ ঠাইত মোক নিলে হয়, তাৰ পৰিয়ালটো এনেদৰে থানবান নহ'ল হয় ৷ ভগৱানৰ ফটোখনকে ৰ' লাগি চাই আছো ৷ তেনেতে কাণত পৰিছে সমৰে দীঘলকৈ হামি এটা মাৰিছে ৷ চাই গেখো চিমৰণ টোপনিত লালকাল ৷ চিঠিখন একাষৰীয়াকৈ থৈ ছোৱালীজনী কোলাত উঠাই মুখখন ধোৱাই দিনৰে অলপ খোৱা বস্তু বিছনাতে দুইাকে দিলো ৷
এনেকৈয়ে কেইবাটাও উদাগৰি নিশা পাৰ কৰিলে ৷ বহুতে বহুত ধৰণৰ কথা ক'লে ৷ প্ৰায় এমাহ মাহ মানুহৰ মুখে মুখে ৰুমীৰ কথাই ৷ কিছুমানে কয় তাই লগত সদায় এটা থাকেই, তাৰ পাছতো নতুন এটা বিচাৰি গ'ল বুলি ৷ বহুত শুনিলো, বহুত ধৰ্য্য ধৰিলো তাৰ বাহিৰে একো উপাও নাছিল কাৰণ ৰুমীয়ে ক'বলৈ ৰাস্তাই নথলে ৷ এদিন দোকান এখনত চকিদাৰ জনক পালো ৷ মই নেদেখা ভাও জুৰি আঁতৰি যাব ধৰোতেই তেওঁ ল'ৰালৰিকৈ আহি মোক মাত দিলে-
- ভালে আছা ? ৰুমী বাইদেউ ল'ৰা- ছোৱালী দুটা আপুনিয়েই পঢ়ুওৱাইছে ন' দাদা ? অফিচৰ মানুহ বোৰে আপোনাৰ কথা প্ৰায়েই কয় ৷ আপোনাৰ আৰু ৰুমী বাইদেউ ল'ৰা- ছোৱালী দুটা কথা ওলালেই নতুনকৈ বিয়া পতা জনে বৰ বেয়াকৈ কয় ৷ আজি কালি সেইবোৰ নোকোৱা হ'ল সেইবাৰে আৰু ৰুমী বাইদেউও কান্দি থাকে অফিচত ৷
ৰুমীৰ বিষয়ে জানিবলা মন গৈছিল কিন্তু ধৰ্য্য ধৰি ক'লো- তুমি দোকান কৰি থাকা দেই ৷ মোৰ দেৰি হৈছে সিহঁত দুটাক টিউচনৰ পৰা আনিবলৈ হ'ল ৷ (আগলৈ)