শদিয়ালৈ এথুপি মালিতা (অশ্বিনী ফুকন)

বৌতি, তই যে বখানিছিলি পাৰ্থ সাৰথিৰ মহাত্ম্য,
বৃন্দাবনত পোখা মেলা বিৰল মুহূৰ্ত,
যমুনাৰ পাৰত ফুলা কদম্বৰ শিপাই ছটিওৱা হুঁহোৰিৰ ঝংকাৰ,
আৰু মোহন বেনুৰ ৰাগিনীত
ঠন ধৰা কজলা- কলীয়া ধেনু ৷

তেতিয়াই গোপালে ৰাত্ৰিৰ বুকুত
পোৱালি জগোৱা জুই বোৰ দেখিছিল…
আৰু দিনত জমি ফাটি
প্ৰতিসৰিত ৰ'দ চেৰেঙাৰ সুৰুঙাই
লানি পৰ্বত দেখিছিল ৷
পবনত খুন্দা খাই ৰথৰ ঘূৰ্ণন দ্ৰুতময় হৈছিল…
য'ত পলস পৰিছিল
বুকুত ছন পৰা কুণ্ডিল ওৰফে শদিয়াৰ দিশে ৷
ৰুক্মিণীৰ স্নেহবন্ধনৰ শ্বাস জিনি
নিশ্বাসৰ গোলাপ গুজিবলৈ…
তাকো দ্বাৰকা ফালি নৌকাৰ শেতেলীত ন কৈ
গজালি মেলা জ্যোস্নাৰ বৃষ্টি আদৰিবলৈ ৷

শত বসন্তৰ নেজ খামুছি সুধাকণ্ঠও লহিয়ালে মৰুৱা অৰুণৰ দিশে…
মুৰত পাগুৰি সনা ককাইয়ে হাঁচতিৰ খোচনিত থকা কেঁহৰাজ বৰণীয়া গুৱা- পাণ চৰ্ব্যৰে
নিতৌ লুইতৰ শ্বেত বুকুত
নৌকাৰ ওৰা পাতে,
কপাল ভিজি বৈ অহা ঘামবোৰ
ক্ৰমশঃ শুকাই
সান্ধ্যতাৰ একোৰা থমাব নোৱাৰা বহ্নি হৈ ৷

শতফুল খোৱাৰ আশা পালি আছিলো অ' বৌতি…
তই নুব্জ্যতাক আদৰিলি যদিও শদিয়ালৈ বুলি
ধাবিত স্বপ্নৰ ওৰকে নপৰে ৷
লুইতৰ বুকুত শিপা গজোৱা
ককাইৰ জেতুকা বুলোৱা
হাতৰ মুঠি বঠাৰ পৰা খহি
পলে পলে ভিকাচন ভগা হৈছে…
বৌতি, ডাঁৰে ডাঁৰে শুনিছো
ধলাখন জোৰা লাগিল হেনো হতভগা শদিয়াৰ দেহত ৷

বৌতি, ৰসতে নাম থৈ
শদিয়ালৈ এপাক মাৰোগৈ ব'ল…
শিল্পৰ দুটি প্ৰাণ হৈ শদিয়াক আলিংগন কৰিম,
মাজ পথাৰতে হেৰাই যোৱা
মোৰ দাৱনীজনীও বিচাৰিম,
আৰু প্ৰাণৰ দুহিতা বুলি
শদিয়াক এসেৰমান চেনেহ যাঁচিম ৷

ঠিকনাঃ যোৰহাট, তিতাবৰ
দূৰভাষঃ ৯১২৬৫৬৬৬৯৪