পত্ৰৰ দ্বাৰাই দূৰণিবটীয়া সেৱা জনালো । নেদেখা জনৰ কৃপাত তুমি কুশলে থাকা সেয়ে কামনা । দাদা- বৌ হতঁৰ বাৰু নে ? আৰু মোৰ সেই কণমানি ভতিজাটোৰ খবৰ কেনে ? ব্যস্ততাৰ তাগিদাত তাৰ সেই কণমাণি দুষ্ঠামিবোৰৰ আমেজেই নাপালো । সি চাগৈ স্কুল যাব পৰা হ'ল নহয় নে ?
অ' বৰমা পাহৰিয়ে আছিলো ক'বলৈ নেদেখাজনৰ কৃপাত আৰু তোমাৰ আশীৰ্বাদত আমি কেইটাও কুশলে আছো দিয়া । তুমি আকৌ বেছিকৈ চিন্তা কৰি নাথাকিবা । তোমাৰ ডাঙৰ নাতিৰো প্ৰভুৰ কৃপাত আৰু তোমাৰ আশীৰ্বাদত চাকৰি এটা পালে যেনিবা । সিওঁ মাজে মাজে তোমাৰ কথা বৰকৈ কয় জানানে । আইতাকৰ মৰমকণ যে সি তোমাৰ পৰাই পালে । এতিয়া কামৰ তাগিদাত মন থাকিলেও হাত ভৰি যেন বন্ধা । একেবাৰে ছুটি নাপায় জানানে কেতিয়াবা তাক দেখি মোৰ বেয়া লাগে । ইমান কম বয়সতে যে সি ঘৰখনৰ দায়িত্ব মোৰ পাতি ল'ব লগা হ'ল ৷ অহ মই ও যে আৰু নিজৰ কথাবোৰেই কৈ আছো । তোমাৰ বোলে দেহাতো বেয়া হৈছিল মাজতে বৰকৈ । সময়মতে ঔষধবোৰ খাবা । দাদা বৌক খালো বুলি কৈ আগৰ দৰে মনে মনে পেলাই নিদিবা । দেহাতো সুস্থ কৰি ৰাখিবা । বিহুত গ'লে তোমাৰ হাতৰ খুন্দা তামোলৰ জুতি লৈ লৈ গাওঁখন ফুৰিব লাগিব নহয় তোমাৰ স'তে । সেয়ে নিজৰ যত্ন ল'বা ।
অ আৰু এটা কথা তোমাৰ কাপোৰবোৰ বুলে পেৰাত সাঁচি থওঁতেই উঁইয়ে খালে । সৰু ছোৱালীৰ দৰে তুমি বোলে বহুত কান্দিলা । শুনি পাছে মোৰো বহুত বেয়া লাগিছিল দেই । আইতাৰ সেই বিয়াৰ কাপোৰযোৰ চাগৈ শেষ হ'ল নহয় নে ? সৰুতে যে সেইযোৰ লৈ টনা আজোৰা কৰিছিলো মই তোমাৰ স'তে । বাৰু যি কি নহওঁক । হোৱা বোৰ হৈ গ'ল তাকে ভাবি আৰু দুষ কৰি নাথাকিবা । বয়স হ'লে বোলে বুঢ়াও কেঁচুৱা হয় তুমিও তেনেকুৱাই হৈছা আৰু নাকান্দিবা কি কি লাগিব কবা এইবাৰ বিহুত গ'লে লৈ যাম । অ' আৰু এটা কথা তোমাৰ হাতৰ কাঠ আলু, মাছৰ আঞ্জা লৈ বৰকৈ মনত পৰে । অ' বৰমা খোৱাবা দেই বনাই এইবাৰ গ'লে । আজিলৈ ইমানতে এৰিছো দেই বহুত ক'লো আজি তোমাৰ চাগৈ শুনি শুনি আমনিয়ে লাগি যায । আৰু বহুত আছে লগ পালে কম । শেষত নেদেখাজনৰ চৰণত তোমাৰ কুশল কামনা কৰি আজিলৈ সামৰিলো ৷
ইতি,
তোমাৰ মাজনী
ঠিকনাঃ বঙাইগাঁও








