বৰ্তমান অসমৰ কেইবাখনো জিলাত বানৰ তাণ্ডৱ ৷ এই তাণ্ডৱে ইতিমধ্যে বহু নিৰীহ লোকৰ প্ৰাণ লৈছে, বহু লোক দিশহাৰা হৈছে ৷ ঘৰ- দুৱাৰ, গৰু- ছাগলী আদি বানে উটোৱাই নিছে ৷ এই ক্ষেত্ৰত চৰকাৰে যিধৰণে ভুমিকা গ্ৰহণ কৰিব লাগিছিল কিন্তু সেয়া দেখা নগ'ল ৷ বহু আশাৰে অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰি নতুন চৰকাৰক শাসনলৈ আনিছিল ৷ সেই আশা, বিশ্বাস এই চৰকাৰে দিব পৰা নাই ৷ বানপানী, গৰাখহনীয়া অসমৰ এটা প্ৰধান সমস্যা ৷ এই সমস্যা সহজভাৱে সমাধান কৰাও সম্ভৱ নহয় কিন্তু সমস্যা সমাধানৰ বাবে চৰকাৰ যিধৰণে পদক্ষেপ ল'ব লাগিছিল সেইধৰণৰ পদক্ষেপ বৰ্তমানলৈকে লোৱা দেখা পোৱা নগ'ল ৷ বানপানী, গৰাখহনীয়া নামত কুটি কুটি টকা ব্যয় কৰিছে যদিও এই সমস্যা সমাধান হোৱা নাই মাথো টকা ব্যয় কৰাহে দেখা গৈছে ৷ কোনো কৌশল, পৰিকল্পনা নাই৷
বানপানীত ভোক্তভুগি বানাক্ৰান্তৰ ৰাইজে এমুঠি অন্ন, পানী বিচাৰি চৰকাৰৰ ওচৰত ভিক্ষা খুজিবলগা হৈছে ৷ মন্ত্ৰী, আমোলা বিষয়াসকলে যিধৰণে বন্য বানাক্ৰান্তক ৰাইজৰ কাষ চাপিব লাগিছিল কিন্তু তেওঁলোকে নিজৰ কামতহে ব্যস্ত বৈ পৰা দেখিবলৈ পোৱা গৈছে ৷
ইফালে পূৰ্বতে অসমক কেন্দ্ৰীয় চৰকাৰে যিদৰে মাহী আই দৃষ্টিৰে চাই আহিছিল ঠিক বৰ্তমান মোডী শাসনাধীন NDA চৰকাৰেও সেই একেই দৃষ্টিৰে চাইছে ৷ অন্য ৰাজ্যত বানাপনী নামত কেন্দ্ৰীয় চৰকাৰে কুটি টকীয়া পেকেজ ঘোষণা কৰে কিন্তু অসমত বানপানী হ'লে প্ৰৱঞ্চনাহে কৰে ৷ অসমৰ প্ৰতি থকা কেন্দ্ৰীয় চৰকাৰৰ যি মনোভাৱ সেই মনোভাৱ কোনোদিনেই সলনি নহ'ল, এই ক্ষেত্ৰত দায়ি আমাৰ নেতা পালিনেতা সকল ৷
আশা কৰো অসমৰ বিজেপি চৰকাৰ আৰু কেন্দ্ৰীয় NDA চৰকাৰে ৰজাঘৰীয়া নীতি অৱলম্বন কৰি গাদীত বহাৰ সপোন চিন্তা নকৰি দুখীয়া দুখ- দদৰ্শা বুজি অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে লৈ বিভিন্নধৰণৰ আঁচনি প্ৰস্তুত কৰি সমস্যা সমাধান কৰিব ৷
ধন্যবাদ--








