আমি অসমীয়া (ডিম্পী শৰ্মা)

আমি অসমীয়া বুলি
বীৰদৰ্পে মুখেৰে ক'লেই নহ'ব
অসমত অসমীয়া নিশ্চয় ৰাজ্যভাষা হ'বই লাগিব ৷
প্ৰত্যেক ৰাজ্যতে চলে সুকীয়া নিজৰ মাতৃভাষা
অসমৰ কাৰ্য্যালয়বোৰত
কিয় নচলে অসমীয়া ভাষা ৷
নিজৰ মাতৃক ভালপোৱাটোৱে নুবুজাই
আনৰ মাতৃক ঘৃণা কৰা
নিজৰ মাতৃক সন্মান জনোৱাটো
সকলো জাতি ধৰ্মৰ পৰম্পৰা ৷
অসমস্থিত কেন্দ্ৰীয় চৰকাৰৰ কাৰ্য্যালয়ত
অসমীয়াই চাকৰি নাপায়
অসমৰ চিনেমা হল বোৰতো
হিন্দী চিনেমাইহে প্ৰাধান্য পায় ৷
বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম ফলকত
অসমীয়া লিখা দেখা নাযায় ৷
তাৰ প্ৰতি জনপ্ৰিয় অসম চৰকাৰৰ
অকনো কানসাৰ নাই ৷

বৰ্তমান অসমীয়া নেতাসকলৰ গাত
লাচিত বৰফুকনৰ তেজ নাই
সেয়েহে দুজন অনা অসমীয়াই
অসমৰ পৰা সাংসদ হয় ৷
অসম মৰিলে আমিও মৰিম বুলি ক'বলৈ
অম্বিকাগিৰী আজি নাই
অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ
চৰকাৰো সদিচ্ছা দেখা নাই
অসম মাতৃ বিপদাপন্ন আজি
নেতাসকলে আছে বোকা ছতিওয়াই ৷
নৱ প্ৰজন্মই সাহসেৰে ওলাই আহিব লাগিব
মাতৃক বচাব লাগিব
হাতত হেংদাং লৈ ৷