(১)
"নাই নাই, মই ফটো নুঠো..... মই ফটো নুঠো ....."
শুভ্ৰ কাপোৰেৰে আবৃত হাস্পতালৰ বিচনাখনত শুই থাকি, প্ৰায় চিঞৰাৰ দৰেই কৈ উঠিল সুনয়নাই ৷
প্ৰায় তিনিদিন ধৰি একে ধৰণেই GMCH ৰ বিচনাত শুই আছে সুনয়না ৷ নীৰৱ, নিশ্চল দেহ ৷ মাথো মাজে মাজে কিবা- কিবিবোৰ ভোৰভোৰাই তাই ৷ ডক্তৰ, নাৰ্ছবোৰে মাজে মাজে ICU কোঠাটোত প্ৰৱেশ কৰে, কোনো ধৰণৰ শব্দ নকৰাকৈ কিবা কিবি পৰীক্ষা কৰি আকৌ সোমোৱা বাটেৰেই প্ৰস্থান কৰিছে বিমুখ হৈ ৷
হাস্পতালৰ বাহিৰৰ অপেক্ষা চ'ৰাত সময়ৰ গতি ৰোধ কৰাৰ অপ্ৰাণ চেষ্টাত বিফল হৈ কান্দোনত ভাগি পৰিছে সুনয়নাৰ মাক ৷ শোক বিহ্বল মন, শেতা পৰি থকা মুখ আৰু কান্দি কান্দি ৰঙা পৰি উঠা চকু যুৰিত কিবা এটা হেৰুওৱাৰ ভয় পৰিস্ফুট ৷ ৰমেন বৰুৱাই ইফালৰ পৰা সিফালে পাগলৰ দৰে ইফালৰ পৰা সিফালে পাগলৰ দৰে অহা- যোৱা কৰিছে ৷ তাৰ মাজতে তেখেতে সহধৰ্মিণী, সুনয়নাৰ মাক জুৰি বৰুৱাক সান্ত্বনা দিবলৈ পাহৰি যোৱা নাই ৷
ৰেৱতী বৰুৱাৰ উশাহত অক্সিজেন হিচাপে ব্যৱহৃত হোৱা সুনয়নাৰ এই অৱস্থাত, তেখেতেও জীয়াই থকাৰ কথা পাহৰি গৈছে ৷ পাহৰি গৈছে, খোৱা লোৱাৰ কথা ৷ সৰুৰে পৰা বোকোচাত বান্ধি ডাঙৰ দীঘল কৰা, সুনয়নাৰ আইতাক ৰেৱতী বৰুৱা ৷ যিদিনা সুনয়নাই প্ৰথম চকু মেলিছিল পৃথিৱীৰ বুকুত কিমান যে আনন্দ পাইছিল আইতাক ৰেৱতীয়ে ৷ তাইৰ জোঙা নাকটোৰে পূৱৰ ৰঙা বেলিটোৰ লগত তুলনীয় তাইৰ মুখখনৰ লাগি চাইছিল ৷ আনকি নিজেই বজাৰৰ পৰা মিঠাই কিনি আনি সকলোকে খুৱাইছিল নাতিনী পোৱাৰ উল্লাসত ৷ নিজ হাতেৰেই বৈ দিছিল, তাইৰ বাবে বিবিধ ৰঙৰ চোলাবোৰ ৷ আইতাকৰ হাতত ধৰিয়ে পোন প্ৰথমে থৰক বৰক খোজেৰে চলা- ফিৰা কৰিবলৈ আৰম্ভ কৰিছিল সুনয়নাই ৷ গা ধুৱাবলৈ যেতিয়াই তাইক বহুৱাই দিছিল পানী ভৰ্তি ডাঙৰ চৰিয়াটোত, পানীত এৰি দিয়া মাছটোৰ দৰেই আনন্দত কিৰিলি পাৰি পানীবোৰ চটিয়াইছিল তাই ৷ চাবোনে চকুত ধৰিলে কান্দি কান্দি ৰঙা পৰি উঠা সুকোমল মুখখন আজি বাৰে বাৰে ধৰা দিছে ৰেৱতীৰ স্মৃতিৰ কিতাপখনত ৷ চিৰিংকৈ উঠিছে বুকুখন ৷ অতীত আৰু বৰ্তমানৰ মাজত সমান চিন বহুৱাব নোৱাৰি, নিথৰ হৈ পৰিছে ৰেৱতী ফুকন ৷
( ২)
শীতল পোহৰৰ সৈ'তে পূৱত ৰঙা বেলিটো উদয় হৈছে ৷ সুৰুজৰ চাৰিওঁফালৰ বগা মেঘবোৰে ৰঙা পোচাক পৰিধান কৰিছে ৷ৰাঙলী হৈছে পূৱ আকাশ ৷ কাৰো প্ৰতি ভ্ৰূক্ষেপ নকৰাকৈ কুলু কুলু ধ্বনিৰে অহৰহ বৈ আছে বৰলীয়া নৈ খন ৷ চৰাই- চিৰিকটি বোৰে টোপনিৰ পৰা সাৰ পাই কিৰিলি পাৰিছে নতুন দিনৰ শুভক্ষণত ৷ টোপনি নাই কেৱল ৰেৱতী, ৰমেন আৰু জুৰি বৰুৱাৰ চকুত ৷
বেৰৰ জলঙাৰে নিজস্ব মনেৰে সোমাই অহা কোমল ৰ'দৰ পৰশ পাই ৰেৱতী বৰুৱা উঠি বহিল ৷ তাৰ পিছত ক্ষন্তেক সময়ো পলম নকৰি গাটো তিয়াই ল'লে ৷ এইবাৰ, চোতালত থকা বাঁহ আৰু ধান খেৰৰ চালেৰে নিৰ্মিত পুৰণিকলীয়া মন্দিৰটোত সোমাই পৰিল ৰেৱতী বৰুৱা ৷
বিয়া হৈ অহা দিনৰে পৰা এই মন্দিৰটোতে নিতৌ পুৱা- গধূলি ধুপ- চাকি জ্বলাই পূজা কৰি আহিছে ৰেৱতীয়ে ৷ ঠাইখিনি একেই আছে যদিও, মাজে সময়ে বৰষুণত উৱলি যোৱা মন্দিৰৰ চালবোৰৰ লগতে বেৰবোৰ নতুন কৰিবলগীয়া হয় ৷ সুনয়নাৰ ককাক জীয়াই থকালৈ সেইখিনি তেখেতেই কৰিছিল, তাৰ পিছত ৰমেনে ৷ কিন্তু ৰমেনহঁত চহৰলৈ গুছি যোৱাৰ পিছত ওচৰৰ কোনোবা মানুহৰ হতুৱাই ৰেৱতীয়ে কৰাই লয় কামখিনি ৷ এইবাৰ ঘৰলৈ আহিলে মন্দিৰটো পকী কৰি দিম বুলিওঁ কৈছে ৰমেনে ৷
প্ৰায় আধাঘণ্টা সময়ৰ মূৰত পূজা পাঠ কৰি মন্দিৰৰ পৰা বাহিৰ ওলাল ৰেৱতী ৷ হয়তো নাতিনীয়েকৰ জীৱন ৰক্ষাৰ প্ৰাৰ্থনা কৰিয়েই আজি অলপ বেছি সময় কটালে তাই ৷ তাৰ পিছ মুহূৰ্ততে বাহিৰৰ বাৰান্দাত বহি পৰিল ৰেৱতী ৷ মনটো উৰি গ'ল সুনয়না শুই থকা GMCH ৰ বিচনাখনলৈ ৷
ৰঙিয়াৰ দক্ষিণ- পশ্চিম দিশত অৱস্থিত পীতাম্বৰ হাট বজালী নামৰ গাওঁখনিতেই ৰেৱতীৰ স্বামী গৃহ ৷ ৰমেনৰ লগতে সুনয়নাৰো জন্মস্থান এই গাওঁখন ৷ প্ৰায় ৫৫ বছৰেই বসবাস কৰি অহা এই ঠাইখিনি বাৰুকৈয়ে আপোন ৰেৱতীৰ ৷ ইয়াৰ নান্দনিক সৌন্দৰ্য্য, বৰলীয়া নৈৰ মনোমোহা দৃশ্যই এক গভীৰ সাঁচ বহুৱাইছে তাইৰ মনত ৷
সহজ সৰল মানুহবোৰৰ মাজত জীৱন যাপন কৰা ৰেৱতীয়ে বুজি নাপাই যান্ত্ৰিকতাৰ সাৰমৰ্ম ৷ কিহৰ বাবে মানুহৰ মাজত এই প্ৰতিযোগিতা, কিহৰ বাবে ইমান ল'ৰা ঢপৰা ৷ কলেজ ইউনিভাৰ্চিটি নেদেখা মানুহ গৰাকীৰ এইবোৰ ভাবিবলৈ অবকাশ নাই ৷ কেতিয়াওঁ প্ৰয়োজন বোধো কৰা নাই ৷ ভালকৈ খাই বৈ, বেমাৰ আজাৰ নোহোৱাকৈ জীয়াই থকাটোৱে জীৱনৰ লক্ষ্য বুলি ভাবে ৰেৱতীয়ে ৷
যান্ত্ৰিকতাৰে পৰিপূৰ্ণ জটিল পৃথিৱীখনৰ ভু- ভা নাপালেওঁ, তিনিদিন আগৰ সেই ৰাতিপুৱাটোৰ পৰা কিবা অলপ যেন বুজিছে ৰেৱতীয়ে ৷ তাই বুজিছে, পৃথিৱীখনৰ সকলোবোৰ মানুহেই গাৱঁলীয়া মানুহৰ দৰে হোজা, সহজ- সৰল নহয় ৷ ৰেৱতীৰ কাণত পুণৰ গুমগুমাই বাজি উঠিছে সেইদিনা ৰাতিপুৱা ৰহিমলাই উধাতু খাই দৌৰি আহি কোৱা কথাকেইষাৰ ......
------- "আইতা..., সুনয়নাক কোনোবাই কিহবাৰে হানি খুছি ৰাষ্টাৰ দাতিত পেলাই থৈ দিছে ৷ এতিয়া হাস্পতালত থৈছে হেনো ৷ আমাৰ টি ভি ত ডাঙৰ ডাঙৰকৈ তাইক দেখুৱাই আছে ৷
৭৫ বছৰীয়া জীৱনত এনেকুৱা ঘটনা কাহানিও শুনা নাই ৰেৱতীয়ে ৷ ৰহিমলাজনীও সুনয়নাৰ লগতে ডাঙৰ- দীঘল হোৱা ৷ দেখিবলৈ সদ্য প্ৰস্ফুটিত ফুল পাহিটিৰ দৰেই ৷ গাভৰু বয়সত ভৰি দিয়া এপাহি সুৰুজ মুখী ফুল ৷ তাই গাৱঁৰ স্কুলত পঢ়িয়ে মেট্ৰিক পাছ কৰিলে ৷ ক'তা, তাইৰটো একো হোৱা নাই ৷ কিন্তু ৰমেনহঁত কিয় চহৰলৈ গুছি গ'ল, যাৰ ফলত তাইৰ হিয়াৰ আমঠু সুনয়নাজনীৰ এই অৱস্থা হ'ল ৷ জীৱন মৰণৰ যুঁজ কৰিব লগা হ'ল ৷ কোনে ! কিয় কৰিলে এনেকুৱা ৷ কি দোষ কৰিছিল সেই ফুল কুমলীয়া ছোৱালীজনীয়ে ! গাৱঁত থকা হ'লে কিজানি আজি তাই আগৰ দৰেই হাঁহি থাকিব পাৰিলেহেতেন....
নানান ধৰণৰ প্ৰশ্ন আৰু উত্তৰৰ মাজত ভঙা সাঁকোৰ নিচিনা হৈ পৰি ৰ'ল ৰেৱতী ৷ প্ৰশ্নবোৰ জুকিয়াই চাব নোৱাৰি হৃদয়ৰ ঢপঢপনি বাঢ়ি গ'ল ৷ মনটো আকৌ উৰি গ'ল সুনয়নাজনীৰ কাষলৈ ৷ বাৰে বাৰে খুন্দিয়ালে তাইক এপলক চাবলৈ ৷
(৩)
আনদিনাৰ দৰে আজিওঁ ৰঙা পোচাক পৰিধিত দিবাকৰ টোপনিৰ পৰা উঠি আহিছে পূব ফালেৰে ৷ ছয়দিনীয়া প্ৰতিক্ষাৰ অন্ত পেলাই যোৱাকালি ৰাতি চকু মেলিছে সুনয়নাই ৷ আজিৰ সূৰুযটো ৰমেন আৰু জুৰিৰ বাবে সম্পূৰ্ণ নতুন ৷ ই আজি কেৱল নতুন দিনৰেই সূচনা কৰা নাই, তাৰ লগত লৈ আহিছে এক নতুন আশা ৷ এটা নতুন জীৱন ৷
ৰেৱতী বৰুৱাৰ মনটো প্ৰফুল্লিত হৈ উঠিছে ৷ খবৰটো পোৱাৰ লগে লগেই মন্দিৰত সোমাই ভগৱানক বাৰে বাৰে ধন্যবাদ দিছে ৷ অৱশেষত ভগৱানে তেখেতৰ প্ৰাৰ্থনা শুনিলে ৷
ইমান দিনে বাহৰ ভিতৰত সোমাই থকা কপৌ হালেও কিজানি আজি সুনয়নাই চকু মেলা বাবেই আনন্দত উৰি গৈছে মুক্ত আকাশলৈ ৷ কোনো কালেই সুনয়নাক নিজৰ পৰা আতৰত নাৰাখে আৰু ৰেৱতীয়ে ৷ জীৱনৰ শেষ সময়কণলৈ তাইৰ লগতে ৰাখিব তাইক ৷ ৰমেনকো ক'ব..... চহৰৰ পৰা গাৱঁলৈ গুছি আহিবলৈ ৷ বগৰী, আম সকলোবোৰ আনি দিব তাইক ৷ তাই খোৱা চাইয়ে সুখত ভৰি পৰিব বুঢ়া হৃদয় ৷ - কপৌহাললৈ চাই আনন্দত আত্মবিভোৰ হৈ থকা ৰেৱতীৰ হঠাৎ চিন্তাৰ যতি পৰিল, ৰহিমলাৰ মাতত ৷
- আইতা, কি ভাবি আছা ? দেউতা ৰৈ আছে তোমালৈ ৷ চহৰলৈ নোযোৱা জানো .... নয়না (সুনয়নাৰ ঘৰত মতা নাম) ই ৰৈ আছে নহয়... তোমালৈ ৷
- হা...... অ' অ' মই কাপোৰ পিন্ধিলেই হ'ল ৷ শুনিছ্ ৰহি... সুনয়নাক মই লৈ আহিম গৈ ৷ তাই এতিয়াৰ পৰা ইয়াতে থাকিব ৷ তোৰ লগত নৈৰ পাৰে পাৰে খেলিব ৷ তই এতিয়া যাগৈ যা, দেউতাৰক ইয়ালৈকে আহিবলৈ ক'বি ৷
অ' হ'ব দিয়া বুলি কৈ ৰহিমলা গ'লগৈ ৷ যাওঁতে কেৱল ভাবি গ'ল... চেহ্, আইতাজনী পাগলী হ'ল চাগে ৷ এতিয়া আৰু নৈৰ পাৰে পাৰে দৌৰি ফুৰা বয়স আছেনে ! হওঁক তেও.... আল্লাই যে তাইক ভাল কৰি দিলে ৷ অন্ততঃ দুয়ো আগৰ দৰে নেখেলিলেও অলপ সুখ দুখৰ কথাকে পাতিব পাৰিম ৷
(৪)
চকু মেলিয়েই সুনয়নাই এবাৰ মাত্ৰ মা... বুলি মাতিছিল ৷ চকুপানী মচি মচি শোকবিহ্বল মনটোক সান্ত্বনা দি কান্দোনটো কোনো মতে চেপা মাৰি ধৰিছিল জুৰিয়ে ৷ পিছ মুহূৰ্ততে হেৰাব ধৰা সোণৰ টুকুৰাটোক উধাতু খাই দৌৰি সাবটি ধৰিছিল তাইক ৷ ডাক্তৰে বেছিকৈ কথা বতৰা পাতিবলৈ বাধা দিয়াত সুখৰ চকুপানীখিনি বুকুতে গোট লগাই বহি পৰিছে জুৰি বৰুৱা সুনয়নাৰ ওচৰত ৷
ৱাল ঘড়ীটোৱে নটা শব্দ কৰি নিজৰ কাম সম্পন্ন কৰাৰ লগতে ৰাতিপুৱা ৯ বজাৰ সংকেট দিছে ৷ বাহিৰত কাৰোবাৰ তৰ্কা তৰ্কি শুনি নীৰৱে বহি থকা ৰমেন বৰুৱা কোঠাৰ পৰা বাহিৰ ওলাল ৷ বাহিৰত চাব ইন্সপেক্টৰ মৃণাল দুৱৰাক দেখি আচম্বিত হ'ল ৰমেন ৷
দুৱৰাই কিহক লৈ নো এই ৰাতিপুৱাখন হুলস্থূল কৰিছে জানিবলৈ আগবাঢ়ি গ'ল তেওঁ ৷
- কি হৈছে ডক্তৰ- ৰমেনে সুধিলে ৷
- এখেতে আপোনাৰ ছোৱালীক জেৰা কৰিব বিছাৰিছে ৷ মানে ঘটি যোৱা ঘটনাৰ ৰহস্য উদঘাটন কৰিব বিছাৰিছে .... যিটো এই সময়ত কিছু জটিল ৷ তাই এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই ৷ বেছিকৈ কথা ক'লে তাইৰ জীৱনলৈ বিপদ নামি আহিব পাৰে- একে উশাহতে কথাখিনি শেষ কৰিলে ডক্তৰ শৰ্মাই ৷
- কোনো কথা নাই ডক্তৰ ৷ তেখেতক তেখেতৰ কাম কৰিবলৈ দিয়ক ৷ মই নয়নাৰ লগত আছো ৷ ময়ো বিচাৰো দোষী সকলোৰে সন্মুখত ধৰা দিয়ক ৷ অনিচ্ছাকৃত ভাবে হ'লেও অনুমতি প্ৰদান কৰিলে ৰমেনে ৷
- কিন্তু........ ডাক্তৰৰ কথাখিনি শেষ হ'বলৈ নৌ পাওতেই দুৱৰা কোঠাৰ ভিতৰত সোমাল ৷ পিছে পিছে গ'ল ৰমেন ৷
- আপুনি অলপ আঁতৰি দিয়ক মিচেচ্ বৰুৱা ৷ মোৰ এওঁৰ পৰা অলপ কথা জানিবলৈ আছে ৷ সুনয়নাৰ ফালে চাই আৱেগহীন ভাবেই কথাখিনি ক'লে দুৱৰাই ৷
পোণ প্ৰথমে অলপ অস্তিত্ববোধ কৰিছিল যদিওঁ ৰমেনৰ ইংগিতত কোঠাৰ পৰা প্ৰস্থান কৰিলে জুৰি বৰুৱা ৷
(৫)
নয়না ......নয়না.... ৷ নয়না সুনয়নাৰ ঘৰত মতা নাম ৷ চিৰপৰিচিত নামটো তিনিবাৰমান সমস্বৰে বাজি উঠাত মেলো নেমেলোকৈ চকু মেলিলে নয়নাই ৷
- দে....উ....তা ৷ এটা থোকাথুকি মাত ভাহি আহিল সুনয়নাৰ কণ্ঠৰ পৰা ৷
- নয়না.... খুড়াই তোমাৰ পৰা কেইটিমান কথা জানিব বিচাৰিছে ৷ তুমি ভয় নকৰাকৈ কোনে, কেনেকৈ এই অৱস্থা কৰিবলৈ পালে কৈ দিয়া সোণজনী- কথাকেইষাৰ কওঁতে বৰুৱাৰ চকুযুৰি চলচলীয়া হৈ পৰিল ৷ কাপুৰুষ যেন অনুভৱ কৰিলে নিজকে ৷ তেওঁ অনুতপ্ত যে তেওঁৰ কৰ্মব্যস্থতাৰ বাবে, নিজৰ সন্তানৰ খবৰ ভালকৈ নৰখাৰ বাবে এইবোৰ হ'বলৈ পালে ৷
- মই ক'ম দেউতা.... মই ক'ম ৷ যিখিনি কথা মই মাৰ পৰা, তোমাৰ পৰা লুকুৱাইছিলো.. সকলোবোৰ ক'ম আজি ৷
তাৰ পিছক ক্ষন্তেক সময়ো বিৰতি নোলোৱাকৈ সেহাই সেহাই তাই দি গ'ল, তাইৰ জীৱনত ঘটি যোৱা কাল ধুমুহাজাকৰ বৰ্ণনা----
সেইদিনা আছিল সোমবাৰ ৷ কলেজ ছুটিৰ পিছত সেইদিনাওঁ ঘৰ অভিমুখী বাছখনৰ খিৰিকীৰ কাষৰ চিট্ টোত বহিছিলো মই ৷ বহিয়েই ভাগৰত চকু দুটা মুদ খাই গৈছিল ৷ মই বহা দুজনীয়া চিটটোৰ এটা ফাল খালী হৈ আছিল ৷ এটা জোকাৰণিত মোৰ তন্দ্ৰা ভাগিল ৷ হাতঘড়ীটো চাই দেখিলো, দহ মিনিট পাৰ হৈ গৈছে ইতিমধ্যে ৷ মোৰ কাষৰ ঠাইখিনি কিন্তু তেতিয়া খালী হৈ থকা নাছিল ৷ খালী ঠাই পূৰণ কৰি তাত স্বাভাৱিক ভাৱেই বহি আছিল এজন ডেকা ল'ৰা ৷ দেখাত ভদ্ৰ ঘৰৰ ভদ্ৰ সন্তান যেনেই লাগিছিল ৷
অলপ পৰ তভক মাৰি আকৌ ক'ব ধৰিলে নয়নাই..... কিছু সময় পিছত সি মোৰ নামটো সুধিলে ৷ মইয়ো সাধাৰণভাৱেই নামটো ক'লো ৷ ল'ৰাজনৰ কথা বতৰাবোৰ খুবেই সংযত আৰু নম্ৰ স্বভাবৰ আছিল ৷ আমি প্ৰায় আধাঘণ্টামান কথা পাতিছিলো ৷ অকলশৰীয়া বাটত কথা পতা মানুহ এজন পাই ময়ো ভালেই পাইছিলো ৷ এটা সময়ত মোৰ নামিবৰ হ'ল আৰু মই ঘৰলৈ গুচি আহিলো ৷ সি মোৰ নাম ঠিকনা শুধিছিল যদিও মই তাৰ নামটোৰ বাহিৰে একোৱেই নুশুধিলো ৷
দুবাৰমান দীঘলীয়াকৈ উশাহ লৈ আকৌ ক'লে নয়নাই..... সেইদিনা ৰাতিয়েই মোৰ জীৱনত কাল ধুমুহাৰ সুত্ৰপাত হৈছিল ফেচবুকৰ ৰূপত ৷ যিটো মোৰ সপোনৰো অগোচৰ আছিল ৷ মোৰ ফেচবুক একাউণ্টত এটা নতুন ফ্ৰেইণ্ড ৰিকুৱেষ্ট ৷ নামটো চিনাকি আছিল, লগতে প্ৰফাইল ফটোখনো ৷ সেইজন বেলেগ কোনো নাছিল .... ৷ মোৰ জীৱনত অমানিশা নমাই অনা সেই ভদ্ৰ ঘৰৰ মুখা পিন্ধা দগাবাজ, কুলাংগাৰটো ৷ মই ভবাই নাচিলো যে, এখন মুখাৰ আৰত তেনে এটা দস্যু লুকাই থাকিব ৷
ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পিছত মোৰ ইনবক্সত যিখন ফটো আহিছিল, তাত থকা অশ্লীলতাৰ কথা মই আপোনালোকৰ আগত ব্যক্ত কৰিব নোৱাৰিম ৷ এজনী উলংগ ছোৱালী ৷ মুখৰ অৱয়ব সাইলাস মোৰ দৰেই ৷ বিশ্বাস কৰক, মই তেনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰো ৷ কিজানি মই বাছত শুই থকা অৱস্থাত সি গোপনে মোৰ ফটো তুলিছিল আৰু ফটোচপ ব্যৱহাৰ কৰি এখন অশালীন কৃত্ৰিম ফটোৰ সৃষ্টি কৰিছিল ৷
- কিন্তু, তুমি ঘৰত এই বিষয়ে কোৱা নাচিলা কিয় ?- সুনয়নাৰ মুখৰ পৰা নিৰৱিছিন্ন ভাৱে ওলাই থকা কথাত বাধা দি সুধিলে দুৱৰাই ৷
অপ্ৰস্তুত প্ৰশ্নৰ উত্তৰত এটা শেতা হাঁহি মাৰিলে কৈ গ'ল তাই-
কিদৰে কম পুলিচ খুড়া ৷ নিজৰ মাক দেউতাকক জানো নিজ সন্তানে তেনেকুৱা এখন ফটো দেখুৱাব পাৰিব ! নে ক'ব পাৰিব ৷ মোৰ প্ৰিয় বান্ধৱী গৰাকীয়েই এই কথা বিশ্বাস নকৰিলে ৷ মা দেউতাৰ সন্মান হানি কৰাৰ ইচ্ছা মোৰ সমূলি নাছিল ৷ যিয়ে মোক বাকৰূদ্ধ কৰি পেলাইছিল ৷ হয়তো এইখিনিতে মোৰ ভুল হৈ গৈছিল.... এটা শুধৰাব নোৱাৰা ভুল ৷
ইমান সময়ে জীয়েকৰ কথা শুনি থকা ৰমেন বৰুৱাই নিজৰ ভাৰসাম্যতা হেৰুৱাই বহি পৰিল কোঠাৰ মজিয়াত ৷ অনুশোচনাত দগ্ধ হৈ গৈছিল তেখেত সম্পূৰ্ণৰূপে ৷ বাৰে বাৰে কাণত বাজি উঠিছিল এটাই শব্দ..... "কাপুৰুষ,? কাপুৰুষ, কাপুৰুষ" ৷ মূৰটো দুয়োভৰিৰ মাজত গুজি দি হুকহুকাই কান্দি উঠিছে তেওঁ ৷
ৰৈ গ'লা কিয় ? তাৰ পিছত কি হ'ল নয়না"- গহীন কন্ঠেৰে কৈ উঠিল মিঃ দুৱৰাই ৷ তেওঁৰ যেন একোৰো প্ৰতিয়েই ভ্ৰূক্ষেপ নাই ৷ এবাৰো ভাবি চোৱা নাই ছয়দিনৰ মূৰত চকু মেলা সুনয়নাজনীৰ দেহৰ অৱস্থাৰ কথা ৷ কান্দি কান্দি অস্থিৰ হৈ পৰা দেউতাকৰ কথা ৷ তেখেতক কেৱল অপৰাধী লাগে ৷ ঘটনাৰ সাৰমৰ্ম লাগে ৷ হয়তো দেশৰ প্ৰতি থকা ভক্তি আৰু নিজ কৰ্মৰ প্ৰতি থকা একাগ্ৰতাই বাধ্য কৰাইছে তেওঁক ইমান কঠোৰ হ'বলৈ ৷
তাৰ পিছত.... ! তাৰ পিছত সি মোক ব্লেকমেইলিং কৰিবলৈ ল'লে ৷ চ'চিয়েল মিডিয়াত মোৰ অশ্লীল ফটো "ভাইেৰেল" কৰিম বুলি ভাবুকি দিলে ৷ পিছদিনা তাক লগ কৰিলে, মোক এৰি দিব বুলিওঁ আশ্বাস দিলে ৷ উপাহবিহীন হৈ মই তাক দ্বিতীয়বাৰৰ বাবে তাক লগ কৰিবলৈ বাধ্য হ'লো ৷ মা দেউতাৰ সন্মানৰ চিন্তাই মোক ঠেলি দিলে কাইটৰ মাজলৈ ৷ যি কাইটে বিন্ধি মোক ইয়াত শুৱাই থৈছে ৷ তাত সি অকলে নাচিল, তাৰ লগত আছিল চাৰিটা নৰপিশাচ ৷ মোক জোৰ কৰি বহুৱাই দিয়া হৈছিল এখন ফটোত ৷ মোৰ লগত আৰম্ভ হৈছিল টনা আজোৰা ৷ সিহঁতৰ মোবাইলৰ কেমেৰাবোৰে মুখ মেলি চাইছিল মোলৈ ৷ মই বাৰে বাৰে চিঞৰিছিলো- "মই ফটো নুঠো..... ম...ই ফ.....টো....- থোকা থোকি মাতটোৰ অন্ত পেলাই দুবাৰ দীঘলকৈ উশাহ লৈ টল টলকৈ চকু দুটা মেলি ৰৈ গ'ল নয়না ৷
নয়না ....নয়না, হেই সুনয়না, নৰপিশাচ কেইটাৰ নাম কি আছিল নয়না- চিঞৰি চিঞৰি কান্দি উঠিল মৃণাল দুৱৰা ৷ তেওঁৰ বুজিবলৈ বাকী নাথাকিল যে নয়না আৰু এই পৃথিৱীত নাই ৷ দুৱৰাই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰে ৷ তেওঁৰ অনিসন্ধিৎসু মনটোৰ বাবেই, কৰ্মৰ দায়িত্বৰ কথা প্ৰমাণ কৰিবলৈ যোৱাৰ বাবেই সুস্থ হ'বলৈ ধৰা ছোৱালীজনীয়ে চিৰদিনৰ বাবে চকু মুদিলে ৷ এহাল পিতৃ- মাতৃ, এজনী বুঢ়ী আইতাকৰ বুকু শুধা কৰি তাই মুক্তি লাভ কৰিলে ৷ কিন্তু এৰি থৈ গ'ল এটা নিষ্পাপ তথা অৱহেলিত, ধৰ্ষিত দেহ ৷
তিনি বছৰ পাৰ হৈ গ'ল ৷ সকলো সলনি হ'ল ৷ ৰেৱতীৰ চোতালত বাহ পাতি থকা কপৌ হাল কেতিয়াবাই সেই ঠাই এৰি গুছি গ'ল ৷ সলনি নহ'ল কেৱল ৰেৱতী, ৰমেন আৰু জুৰি ৷ আজিওঁ সিহঁত বহি ৰয় নীৰৱে.... সুনয়নালৈ বাট চাই ৷ ৰেৱতীৰ চকুত এতিয়াও দপদপাই জ্বলি আছে সেইকুৰা চিটাৰ জুই ৷ লগতে এটুকুৰা প্ৰতিশোধৰ ..... তিনিগৰাকী প্ৰাণীয়ে মানি নল'লেওঁ পৃথিৱীৰ আন সকলো প্ৰাণীয়ে মানি লৈছে, নয়না আৰু ঘূৰি নাহে ৷ অতীত হৈ ৰ'ল তাই ৷ কেৱল ৰাতিৰ আকাশৰ পৰা চাই ৰ'ব সকলোকে ভোটা তৰাটি হৈ ৷








