মামৰে ধৰা সমাজ (মৃদুস্মিতা নাথ)


আই অ' আই মোক নানিবি
তোৰ চেনেহী কোলালৈ;
দহ মাহ দহ দিন তোৰ গৰ্ভত
কষ্টেৰে ৰাখিব নালাগে মোক
মোৰ আগমনত তই উভতিব নালাগে
তোৰ এৰি অহা ঘৰখনলে,
আই,
তই পিতাইকো কবি পিতৃত্বৰ গৌৰৱ এৰিবলৈ
সন্তানৰ দেহ মূৰত আশাৰ হাত বুলোৱাৰ
হেঁপাহ এৰিব কবি আই,

আই, তোক এনে কথা কিয় কৈছো জান ?
আজিৰ সমাজখনত যে
তইয়ে সুৰক্ষিত নহয় আই,
মোক এই দৈত্য দানৱৰ পৃথিৱীলৈ আনি
প্ৰতি পদে পদে আশংকাত থাকিব নালাগে দে
তই জাননে আই ?
আজিৰ সমাজখনত কোনোবাখিনিত যে
ভাই- ককাই, খুড়া-পেহা কোনোৱে চিনি নাপায়
নাজানো কোন স'তে সম্বন্ধ বজাই ৰাখিব
আৰু নাৰীয়ে নাৰীক কৰা অত্যাচাৰ
কাপুৰুষে কৰা ধৰ্ষণ
মোৰ ভয় লাগে আই,
আজি যেন এই সমাজৰ মানৱতাত
মামৰে ধৰিলে আই
তই জাননে আই ?
মোৰ ভয় হয় বহুত ভয় হয়
বলাৎকাৰ, লুণ্ঠন, হত্যা
উফ ক'ত যে কি
তাতকে মোক তই এই পৃথিৱীলৈ নানিবি আই
মই এই পৃথিৱীখন আহি
কলংকিত হ'ব নিবিচাৰো আই ৷