মই এজনী বেয়া চৰিত্রৰ নাৰী (ক্ষমা ধৰ ৰাভা)


কোনোবাই কৈছিল মোৰ বোলে চৰিত্র বেয়া
ৰাস্তাৰে গ'লেও
দেখাবোৰে নেদেখাৰ ভাও ধৰিছিল ।
মৰমেৰে দিয়া মাতষাৰিও
প্ৰত্যুত্তৰ দিয়া নাছিল,
সৰু লৰা- ছোৱালী বোৰে পাগলী বুলি জোকাইছিল
মই কিন্তু
কাকো মুখ ফুটাই একো ক'ব পৰা নাছিলোঁ ৷
এজনী মুখবধিৰ ছোৱালীৰ দৰে থাকিছিলোঁ
গাৱঁৰ জীয়ৰী বোৱাৰীহঁতে মোক দেখি হাঁহিছিল,
নিজৰ মাজতে কিবা কিবি কোৱা শুনিছিলোঁ নিজকে ভাল হম বুলিও সংকল্প লৈছিলোঁ ।
নিজেই হয়টো ভালও হৈছিলো
কিন্তু আনৰ চকুত
মই বেয়া চৰিত্রৰ নাৰী হৈয়েই থাকিলো ৷
ঘৰৰ মানুহ খিনিও
কেতিয়াবা গালি গালাজ পাৰিছিল ৷
কিন্তু
"মা" য়ে মোক কেতিয়াও
একো বেয়াকৈ কোৱা নাছিল
মোৰ প্ৰতি মা'ৰ মৰম সদায় আছিল ৷
তাৰ কাৰণে হয়টো মই আজি জীয়াই আছোঁ ৷


ঠিকনাঃ জামুগুৰি, ওডালগুৰি
দূৰভাষঃ ৮২৫৪৮৯২১৭৯