প্ৰেমৰ বৰষুণ (প্ৰাণজিত বৰা)


আকাশ ওন্দোলাই
নামি অহা বৰষুণ জাক
যেন অনুভৱৰ বোৱঁতী সোঁত ।
বৰষুণৰ পৰশত প্ৰাণ পাই উঠা
চঞ্চলা প্ৰকৃতিয়ে,
যেন কাণে কাণে কৈ যায়
তোমাৰেই কথা ।
শুনিবলৈ চেষ্টা কৰাচোন বৰষুণৰ টোপালবোৰ,
য'ত ধ্বনিত হয়
মনৰ মাজতে সামৰি থোৱা,
হতভাগাৰ অন্তৰৰ আৱেগ মিশ্ৰিত কথা ।
জানা বৰষুণৰ দুৰ্দান্ত প্ৰেমিক মই ।
প্ৰেমৰ ৰাগি তোলা
মধুৰ আবেলি সময়কণত,
বৰকৈ আমনি কৰিছে
তোমাৰ অনুপস্থিতিয়ে ।
ব'হাগ আৰু বৰষুণৰ মধুৰ যুগলবন্দীত,
পুলকিত কৰে
তুমি তুমি যেন লগা বতাহজাকে ।
একেলগে বৰষুণত তিতাৰ এটা মিঠা সপোন,
সঁচা হোৱাৰ সম্ভাৱনা আছেনে ?
কল্পনাৰ পৃথিৱীখন বৰ সুন্দৰ জানা,
য'ত নাই বাস্তৱৰ অসহনীয় তিক্ততা ।
নিবিচাৰিলেও ঘূৰি আহো
স্বাৰ্থপূৰ্ণ বাস্তৱলৈ,
আত্মকেন্দ্ৰিক হোৱাৰ নিগনি দৌৰ দিবলৈ ।
সপোনবোৰ যদি কেতিয়াবা দিঠক হয়,
সৃষ্টি হ'ব বৰ্ণিল প্ৰেমৰ এক নতুন অধ্যায়,
যাৰ সাক্ষী হ'ব বৰষুণ, তুমি আৰু মই ৷


ঠিকনাঃ স্নাতক দ্বিতীয় ষান্মাসিক,
ৰসায়ন বিজ্ঞান বিভাগ,
নৰ্থ লখিমপুৰ কলেজ,
দূৰভাষঃ ৮৪৭২৯৬৫৯৫১ ৷