সুখৰ গান (জয় চন্দ্ৰ শৰ্মা)



সংসাৰত সুখৰ বাবে
দূৰত বা ওচৰত
দৃষ্টি ৰাখিছোঁ

জন্ম দিনা আই- বোপাইৰ সুখ
আজি বাৰু পুৰাইছো নে ?

প্ৰতিটো শক্তিৰ আঁৰত
সুখৰ প্ৰাৰ্থনা

ক্ষুধাৰ্ত শিশুৰ ভাত- মুঠিৰ
কোলাহল বেদনা ক্লিষ্ট
পিতৃৰ অহৰহ শ্ৰম
মাতৃৰ মমতাৰ ক্ৰন্দন
সন্তানৰ প্ৰতি অতিপাত স্নেহ

সন্তানে হ'ব ভৱিষ্যতৰ ৰক্ষক
অতিকৈ মৰমৰ
পিছে কিছু উন্মত্ততা সন্তান
ধ্বংস অকালতে
নিষ্ঠুৰ তথা অদ্ভুত বিশৃংখতাৰে
সুৰা বা অলাগতিয়াল নিচাত

সুখৰ প্ৰধানতে সন্তান
আই- বোপাইৰ মনত;
যৌৱন ডেকা- গাভৰুৰ
শস্য বৰ্ধন কৃষকৰ
এনেকৈয়ে ভিন্ন সুখবোৰ

সুখৰ শক্তিত দুখৰ গান
অনেক কাৰণতে
তথাপি সতৰ্কতাত সমাধান
অলপ হ'লেও

সুখৰ বাবে নানান সন্ধান
সকলোবোৰ নিজৰ মনত
সন্তুষ্টিতাৰে উদ্ভৱ
অন্যথা ব্যৰ্থ সকলোয়ে

সুখ, সুখ বুলি নাথাকি কেৱল
নিজকে কৰা সুখী অনবৰত


ঠিকনাঃ নলবাৰী (অসম)
দূৰভাষঃ ৮৭২০৯০৫২৭৩ ৷