মই আন্ধাৰ নাচিব বিচাৰিছো,
জিলিকাব বিচাৰিছো
ব্যৰ্থতাৰে জৰ্জৰিত মোৰ সপোন ।
কিন্তু …
আন্ধাৰৰ জয়াল বাটতে
আবদ্ধ হৈছে
মোৰ সপোন নামৰ পথিক,
পথভ্ৰম হৈছে
চিন্তাশীল মোৰ মগজু ।
তথাপিও
মই আজি নিজকে চিনাকী দিব বিচৰা নাই
জীৱন যুঁজৰ পলৰীয়া সৈন্যিক
বা…
চেকা লগাব বিচৰা নাই
মোৰ শত্ৰুৰ তেজেৰে লিৰিকি- বিদাৰি যোৱা সেই
পোচাক যোৰত,
য'ত আছে মাথোঁ
সফলতাক আকোঁৱালি লোৱাৰ
প্ৰৱল হেঁপাহ আৰু উদ্যম ।
কিন্তু …
মোৰ আশাৰ শলিতা ডালি আজি
ক্ৰমশ: চুটি হ'ব ধৰিছে,
সাক্ষী হ'ব ধৰিছে
পাখি লগা
সময়ৰ চৌব্বিচটি অবুজ চৰাইৰ মাত ।
ঠিকনাঃ যোৰহাট ৷








