লিমাৰিক (তপন কুমাৰ নগঞা)


(এক)

মনবোৰ ৰঙীন হ'ল লগ পায় তোমাক ৷
সকলোৰে কথাবোৰে সাহ দিলে আমাক ৷
শিৱসাগৰ শিৱদ'ল,
ইতিহাস হৈয়ে ৰ'ল,
মনবোৰ হওঁক আমাৰ জোনাক জানাক ৷

(দুই)

সাহিত্যৰ সভাত আজি মানুহৰ মেলা ৷
সাহিত্যক লৈ কিন্তু নকৰিবা খেলা ৷
ৰাজনীতি এৰি সবে,
মাৰ বান্ধি ধৰা এবে,
বিষয়বাবত সকলোৱেই নহয় এলাপেচা ৷

(তিনি)

এক দুই তিনি কৈ লগ হ'লো আমি ৷
এনেকৈয়ে লগ হ'লো বহু নামী দামী ৷
সজ ভাবে চিন্তা কৰে,
সকলোৱে একেলগে,
ভাষা আৰু সাহিত্যৰ গঢ়িম হাড় কামি ৷

(চাৰি)

বিয়াখন পাতিম বুলি কৰিছিলো অংক ৷
ছোৱালীৰ দেউতাকেহে লগাই দিলে জংক ৷
দুবাৰকৈ ঘৰ চাই,
হাঁহিলে লেট্ৰিন নাই,
সেউজ সংকেত দিহে ৰঙা ফিটাৰ অংক

(পাঁচ)

সভা পাতি সভাৰাম বৰ কবি হ'ল ৷
তাকে দেখি চেনিৰাম জ্বলি পকি গ'ল ৷
য'তে ত'তে সন্মিলন,
কাব্যগ্ৰন্থ উন্মোচন,
কবিতাতেই প্ৰকাশ পায় কাৰ কিমান বল ৷