তুমি মোৰ দুখৰ দীঘলীয়া উপবাস (ঋষভ নাথ)

এটা দিন তোমাক
দিয়াৰ কথা আছিল
এটা ৰাতিৰ দৰে
তোমাৰ প্ৰতি খিলা পাত
মই লুটিয়াই চোৱাৰ কথা আছিল ৷

যদি মই
ৰাখিব পাৰিলেহেঁতেন মোৰ কথা
শিল হৈ পৰা সময়ৰ
বুকুত হাত ফুৰাই
খোদিত ৰ'দ আৰু বতাহৰ অৰ্থ
কিজানি আজি
অনায়েসে ভাঙিলোহেঁতেন ৷

ক'ত মই নিজকে বিচাৰি ফুৰা নাই
পাহাৰৰ বুকুত
সেউজীয়া জগাই বিদায় লোৱা
এজাক গাভৰু বৰষুণৰ উচ্ছল গানত

ৰ'দৰ ফুলাম চাদৰেৰে
গা ঢাকি শুই পৰা
একোখন পথাৰৰ উপচা দেহৰ ভাঁজত

পাৰ ভাঙি বৈ যোৱা
সূৰ্যমুখী নদীৰ সোঁতৰ ধাৰত

ঠোঁটত সুখৰ কণা লৈ
দিনক ৰাতিৰে সী যোৱা
নীড় মুখী একোজাক চৰাইৰ ডেউকাৰ কোবত

মোৰ আৰু পৃথিৱীৰ প্ৰতিটো আলাপতে
সাঁথৰ হৈ গজালি মেলে
কাঁচিজোনৰ দৰে
তোমাৰ ওঁঠৰ গা ভাৰী হাঁহি

নিয়ৰত তিতা সৰাপাতৰ দৰে
ময়ো যদি সেমেকিলোঁহেঁতেন
তোমাৰ ঘামৰ সুগন্ধত

কুমাৰৰ চাকত ঘূৰি থকা
এচপৰা মাটিৰ দৰে
ময়ো যদি গঢ়িলোঁহেঁতেন
নিজকে তোমাৰ মাজত
আকুল দুহাতৰ আঙুলিৰ লহৰত

এটা দিন যদি মই তোমাৰ বুকুৰে
বোৱাই দিব পৰিলোঁহেঁতেন
এটা ৰাতিৰ দৰে তোমাক যদি মই
মোৰ বুকুৰ চোতালত মেলি থলোঁহেঁতেন

আজিতো তুমি নিজকে
তোমাৰ হাতত ৰখা নাই
হেৰুওৱা সেই বাট
আজি আন এজনৰ পদূলি

সোণালী আবেলি দুফাল কৰি
এখন ৰূপালী দেৱাল
কোনোবা খিনিত পোহৰ খামুচি ধৰি
বুকুৰে লাহেকৈ শিপায় আন্ধাৰ

জাৰণিত নুফুলাকৈয়ে
সৰি পৰা কলিৰ দৰে
তেজত ওপঙি বয়
এটা দিন এৰাতিৰ বিবৰ্ণ মুখ
পালন কৰোঁ মই প্ৰতিদিনে তোমাক,
যেন
তুমি মোৰ দুখৰ দীঘলীয়া উপবাস ৷


দূৰভাষঃ ৯৮৫৯৯৭৬৬৪৩ ৷