তোমাৰ বুকুৰ বিসালতাই মোক বাউলি কৰে (বেগম আছমা)

চঞ্চল বতাহত সুললিত সংগীত
সুবিসাল জলৰাশিত সীমাহীন ঐশ্বৰ্য
সোণালী সূৰ্য্য উদয়
মাছৰোকাৰ মৎস্যৰংগ
অচেনা নাওঁত চিনাকি ভটিয়ালি
ঢৌৱে ঢৌৱে জীৱনৰ কাৰুকাৰ্য প্ৰাচুৰ্য্য
পল পল তোমাৰ ক'ত চিত্ৰ ।
তুমিতো এক তৰল কবিতা
জীৱনৰ সুশীতল চায়া
কৃষকৰ পাট নিমজ হাঁহি,
পৰম মমতাত কৰিছা
মোৰ স্বদেশ শস্য শ্যামলী ৷
তোমাৰ সলিল ৰাশিৰ প্ৰেমৰ মাধুৰ্য্যই
মোক প্ৰেমিক কৰি তোলে বাৰ বাৰ
মোৰ সত্তায় তোমাক আদৰণি জনায়,
তোমাৰ বুকুৰ বিশালতায়
হবলৈ শিকায় হৃদয়বান
একো একোজন কবি,
মকো শিকালা কিছু শব্দ কিছু বিষাদ আঁকিবলৈ ৷

মই অকৃতজ্ঞ নহয়,
কিন্তু
বহুদিন হ'ল আহিব পৰা নাই
তোমাৰ কাষত
মইযে একাকী বন্দী মোৰ মাজত,
তথাপি কানত বাজে পাৰ ভঙা মানুহৰ হাহাকাৰ,
তোমাৰ বুকুত শুই পৰা সকলৰ নিস্তব্ধ আৱেগ,
মোৰ উছন যোৱা সপোনৰ ককবকনি,
তথাপি প্ৰতিবাদ নকৰোঁ
তোমাৰ অকপট উদাৰতাত
মোৰ দৰে বহুতেই কৰে আত্মসৰ্পণ ৷

তোমাৰ মায়াবী মাতত
এখোজ দুখোজকৈ আহিলোঁ
তোমাৰ কাষত
মোক খুলি দিয়া
কবিতাৰ ৰুদ্ধ দ্বাৰ
বালিচৰত বহি
উটুৱাই দিম তোমাৰ বুকুত
প্ৰেমৰ কবিতা
বিষাদৰ কবিতা
সংগ্ৰামৰ কবিতা আদি বহুতো

নাওঁবোৰৰ দৰে কবিতাবোৰ উটি যাব
তোমাৰ বুকুত
পঢ়ি চাবা তাৰ পৰা মোৰ প্ৰিয় কবিতাটি
য'ত আছে মোৰ দেউতাৰ
পৰিশ্ৰমৰ সংগ্ৰামি গাথা
আজোককাহঁতৰ স্বাধীনতা সংগ্ৰামৰ আৰ্ত হাহাকাৰ
তোমাৰ বিভীষিকা প্ৰলয় সংবাদত
ক্ষুধাতুৰ শিশুটিৰ চকুত আতঙ্কৰ চিত্ৰ,
উৱলি যোৱা জুপুৰিত
ৰুগ্ন নাৰীৰ স্বপ্নভংগৰ চিঞৰ,
পঢ়িবাতো তুমি সেই কবিতাটি
মই অপেক্ষা কৰিম তুমি পঢ়ালৈ
মই অপেক্ষা কৰিম.........।

(উৎস-ব্ৰহ্মপুত্ৰ)

দূৰভাষঃ ৯৫৭৭১৯৮৫৩৪ ৷