জন্ম লগ্নৰে পৰা উৎকৃষ্ট মানৰ নাটক দৰ্শকক উপহাৰ দিয়া অসমৰ আগ শাৰীৰ
ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ প্ৰাগজ্যোতিষে চলিত নাট্যবৰ্ষত জনপ্ৰিয়
নাট্যকাৰ অভিজিত ভট্টচাৰ্য্যৰ "লাভষ্টৰী" নাটকখনে আলোৰন সৃষ্টি কৰিলে ।
নাটকখনৰ এই সফলতাত প্ৰথমেই নাম ল'ব লাগিব দক্ষ অভিনেতা 'অৰুপ বৈশ্য' ৰ ।
অৰুপ বৈশ্যৰ বলিষ্ট অভিনয়ে জীপাল কৰি তুলিছে "লাভষ্টৰী"ক । । লাভষ্টৰীৰ
লগতে ৰমা বৰ্মনৰ দানবীৰ আৰু অৱতাৰ সিঙৰ মজনু বলিয়া লায়লা দিৱানী নাটক
দুখনকো দৰ্শক ৰাইজে আদৰি লৈছে !!
উৎকৃষ্টমানৰ নাট্য সম্ভাৰেৰে নাট্য অনুৰাগীৰ হৃদয় জয় কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে…
২০১৭- ১৮ নাট্যবৰ্ষৰ ব্যয়- বহুল প্ৰযোজনা
অসমৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচাৰ্য্যৰ "মোৰ বাবে তুমি" "পতি পত্নী প্ৰেমিকা" আৰু "ৰঙা চকু" । প্ৰযোজক দীপ দাসে জানিবলৈ দিয়া মতে তিনিওখন নাটকে অসমৰ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টচাৰ্য্যই ৰচনা কৰিব ।
২০১৭- ১৮ নাট্যবৰ্ষৰ প্ৰস্তুতি সম্পৰ্কে প্ৰযোজক দীপ দাসে জনাই যে- ""প্ৰত্যেক নাট্যবৰ্ষতে আমি নাটকক গুৰুত্ত্ব দি আহিছো, অনৰ্থক নাচ গান, চমকক নহয় এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয়... আমাৰ তিনিওখন নাটক অভিজিত দাই ৰচনা কৰিব" । দৰ্শকৰ অভিৰুচি ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে এক ডাঙৰ কথা ইয়াক উপেক্ষা কৰি ভ্ৰাম্যমাণ থিয়েটাৰ চলিব নোৱাৰে । আমি আশা কৰিছো থিয়েটাৰ প্ৰাগজ্যোতিষৰ নাটকে দৰ্শক ৰাইজক সন্তুষ্ট কৰিব" ।
অভিনয় তালিকাত থাকিবঃ জনপ্ৰিয় অভিনেতা দিব্যজ্যোতি দাস, অসমীয়া ধাৰাবাহিকত দক্ষ অভিনয় কৰি উজ্জ্বলি উঠা অভিনেত্ৰী পাপৰি পাটগিৰি, মুকিব আহমেদ, অৰুণ বৰদলৈ, ধ্ৰৱজ্যোতি নাথ, অৰুন ডেকাৰ লগতে চলিত নাট্যবৰ্ষত বৃন্দাবন থিয়েটাৰৰ ৰংগ মঞ্চত সাহসিক অভিনয় প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰা অভিনেত্ৰী কাজল শৰ্মা ।