নীলা খামৰ চিঠি (অংকুৰ শইকীয়া)

প্ৰিয়তমা,
প্ৰথমে মৰমৰ একাঁজলি আলফুলে হৃদয় চোতালত চতিয়াই ল'বা ৷ ভাবনাৰে ভিৰ তোলা মোৰ আকাশত তোমাক এৰি দি বিলীন হোৱা সীমাহীন ভালপোৱাত ৷ জানো, মোৰ অবিহনে নিঃসংগ আবেলিবোৰ তোমাৰ বাবে বিৰক্তিদায়ক ৷ তোমাৰ নাযায় নোপোৱা লগা ক্ষণবোৰ মই বাৰুকৈ বুজি উঠিছো ৷ ক্ৰমশঃ ভালপাই পেলাইছো তোমাৰ এবুকু আশা সোণোৱালী সপোনৰ জোনাকী বাটেৰে ৷ লাহে লাহে তোমাৰ ভাবনাত ক্ষণবোৰ গধুৰ হয় নিশাৰ তমসাত ৷ উৰি যাও পক্ষী মন তোমাৰ বুকুত থিতাপি লওঁ ৷ বুকুৰ ভিতৰত ৰুণজুণ নূপুৰ এযুৰি উল্লাসত নাচি নাচি উঠে ৷ জোনাকী বাটেৰে, থিতাপি লওঁ একাষত দুয়ো মগ্ন অনাগত জীৱনৰ সুমধুৰ কাহিনী ৷ সুখ - দুখৰ এটি এটি তৰাফুলীয়া শব্দ আকুল ওঁঠ দুযুৰিৰে শেৱালি একোপাহি হৈ সৰে ৷ নিস্তব্ধ নিশাবোৰ পাৰ হয় মাথোঁ তাহানিৰ, তুমি মই এদিন লগ হ’ম ৷ মাঁথো অপেক্ষাৰে বাট চাম ৷ সেইদিনা পক্ষীমুৱা আবেলি উচুপি উঠিছিলা মোৰ সান্নিধ্যৰ অতীত খুচুৰি ৷ নিলীম অশ্ৰু কণাৰে তোমাৰ বাট ভেটি আমনি কৰিছিল ৷ তুমি অনুভৱ কৰিছিলা, মোৰ বাবে কোনে কবিতা লিখিছিল ? কাৰ কবিতাৰ ৰাগীত বুৰ গৈ কৈছিলো- "মই তোমাৰ কবিতাৰ প্ৰেমত পৰিলো ..... ৷" তুমি এতিয়া নিঃসহায় ভাগৰুৱা আবেলিৰ বুকুচাত ৷ মই নাই, তুমি আকৌ মোক বিচাৰি ঘূৰি মেলি নিজক এৰি দিয়া তাহানিৰ আবেলি আবেলি পিয়াসী গোন্ধৰ এটি কবিতাৰ বুকত ৷ পাহৰি যোৱা অলপ সময়, মই তোমাৰ কাষৰতে আছো ৷ মগ্ন হওঁ পুনৰ আৱেগৰ এঢলে তোমাৰ বুকুৰ বালিমাহী ৷ তুমি, তোমাৰ অশ্ৰু কণাৰে ভৰি পৰিছে বিদায় বেলাৰ উভতনি খোজ ৷ তুমি কৈছা উচুপনিৰে হৃদয়ৰ অবুজ বেথা ৷ “তুমি আকৌ যোৱাগৈ? কেতিয়া পাম তোমাক ? কেতিয়া আহিবা আকৌ, উপচাই তুলিবা মোৰ উকা আবেলি ৷" দুচকুৰ নিলীম ভাঁজত জিলিকি ৰোৱা তোমাৰ ডালিমি দাতৰ কথা কেইষাৰি, এক আৱেগ গধুৰ ভাবনাৰে ভৰাই তুলিলে তেজ গোৰা আবেলিটি ৷ উলটি আহিম অ’ প্ৰিয়তমা, তোমাৰ স’তেই মগ্ন হ’ম অধীৰ অপেক্ষাৰে বাট কটোৱা ফাগুনীয়া সপোন ৷ যাওঁ গৈ ৷ যাবৰে হ’ল আবেলি চুমি সন্ধিয়া নামি আহিল ৷ পক্ষীজাকৰ কিৰীলিত মৰম ঢালি তোমাৰ বুকুৰে সিপাৰ ৷ তুমিতো জানাই মোৰ সমস্ত সত্বা আৰু....৷ ব্যস্ত যদিও হৃদয়ৰ ভাষাৰে তোমাৰ উকা আবেলিত একলম লিখিছো ৷ তুমি আঁকোৱালি লোৱা দুবাহুৰ উমেৰে হৃদয় কাঁচিয়লিত ৷ আহিম এদিন একেবাৰে, হয়তো যিমান পাৰো সোনাকলে, তোমাৰ লগত বিলীন হ’ম জোনাকৰ শীতল নিশাত ৷

বি:দ্ৰ:- হঠাতে কাণত বাজিল পক্ষী জাকৰ মৃদু কলেৰৱ ৷ দোক মোকালিৰ অলপ আগৰে পৰা তুমি মোৰ হৃদয় চোতাল গচকিলা, সীমান্ত ব্যাপি নীলিম কণাৰে মগ্ন দুভৰিৰ জুনুক - জানাক মাতৰে ইপাৰ - সিপাৰ কৰিলা আঁচলৰ মুঠি মুঠি জোনাক ৷

ইতি,
অনুভৱৰ এটি কুমলীয়া কুঁহি ৷
হৃদয়ৰ ফৰিংফুটা জোনাক,
সেউজীয়া হৃদয় ৷


ঠিকনাঃ নকছাৰী, যোৰহাট ৷