অনুভৱী দলিচা (ৰানু গগৈ)

এটা সোণোলী সপোন
প্ৰতিশ্ৰুতি দিয়া
সেউজীয়া অনুপম স্বৰ

জোনাকীৰ ৰং
নতুন পুৱা
বিচাৰি পাওঁ
জীৱনৰ দিনলিপিৰ উৎস

অ' উতলা ফাগুন
ৰঙা দলিচা পাৰি
এজাক পচোৱা হৈ
কঁপাই তুলিলা
সকলো কৰিলা ধূলিময়
দিলাহি হেৰুৱা দিনৰ স্মৃতি

নতুনক এৰি দিয়া বাট
এইয়া হেনো
প্ৰেমৰ বতৰ
হৃদয়ৰ জকমক
ৰঙীন হয় বুকুৰ
এটি সেউজীয়া গান
অনুভৱী পৃথিৱীত ৷

ঠিকনাঃ দুলীয়াজান ৷