আশা (নীহাৰিকা শইকীয়া)

সুখ বুলিলেইটো
সুখ বিচাৰি পোৱা নাযায়
দুখ আহি বাধা দি যায়
সুখৰ বাটত ।

বৰফ হৈ গোট মৰা দুখবোৰ
গলিবলৈ আহিবনে
সেই ক্ষণ আমি নিৰাশাত ভোগাসকল
প্ৰাপ্তিৰ বৰষুণজাকৰ অপেক্ষাত
যি জাকত তিতি
আমি সুখৰ নিজৰা বোৱাবলৈ আগবাঢ়িম
এটা সেউজীয়া পথত
সময় আৰু পৰিস্থিতিৰ তাগিদাত ৷