ভৰ দুপৰীয়া নিস্তবদ্ধতাত
আঘোণৰ উকা পথাৰখনৰএটি ছাঁ
ভুৰুং কৈ উৰি যোৱা
টুনি
চৰাইজাক দেখি
বুকুখন বিষাই উঠে বৰকৈ
পথাৰৰ ধান চোৰ নিগনিটোৱেও
দবক মাৰি ডিঙি মেলি মেলি চাই
পথৰোৱা ছাঁটোৰ গতিশীলতাক
এদিন এই আঘোণৰ পথাৰতে সপোন ফুলিছিল
মায়াবী ৰূপত লখিমী আহিছিল
পথাৰৰ বুকুৱে বুকুৱে সিঁচি গৈছিল
সোণগুটি
সেউজীয়া পাতৰ আঁৰত ধানবোৰ
লাটুমনি যেন ৰঙা হৈছিল
মাণিকী, মধুৰি, জহা, বৰাৰ সুগন্ধি সুবাসে
বতাহৰ সৈ'তে মিতিৰালি পাতিছিল
এই আঘোণৰ পথাৰতে
ক'ত কাণকুৰিকা চৰাইয়ে
লুকা - ভাকু খেলিছিল
ক'ত বতা চৰাইয়ে বাঁওধান খাবলৈ আহি
কোনোবা দাৱনীৰ গুণ গুণ গীতৰ সুৰত
চম্পাৱতী বুলি চক্ খাই ৰৈ গৈছিল
ক'ত হালধীয়া চৰাইয়ে
বাওঁধান খাইছিল
কত হেঁপাহৰ আছিল এই আঘোণ
আনন্দৰ আছিল সোণালী আঘোণ
এতিয়া সোঁৱৰণিৰ মাথোন
সোণালী ধান বোৰ কাটি অনাৰ পাছত
পৰি ৰৈছিল
শুকান নৰানী ডৰা
ঠিক যেনেদৰেই মানুহৰ মৃত শৰীৰবোৰ
পৰি ৰয়
তেনেদৰেই আছে পৰি এজাক বেদনা ।








