এটা অনুৰোধ তোমালৈ,
যাবলৈ জেদ নধৰিবা আজি…
নৈৰ কুলুকুলু শীতল বাঁহীত
বৈ যাবলৈ দিয়া
কুসুম কলিজা এপাহি…
তোমাৰ সুগন্ধি সনা
বতাহেৰে ভৰিব দিয়া…
নভৰা জিউৰ ৰুনুজুনু বাসনা…
পাগলদিয়া নদীৰ পাৰত
মাত দিবলৈ অহা
আবেলিৰ বেলিটিলৈ
নাচাবা তুমি…
এটা অনুৰোধ তোমালৈ…
যাবলৈ জেদ নধৰিবা আজি ।
ঠিকনাঃ বগুৰীহাটী, নলবাৰী (অসম)
পিনঃ ৭৮১৩১০ ।








