এৰি থৈ আহিলোঁ সেই অৰণ্য
য'ত প্ৰতিটো প্ৰহৰেই ধোঁৱাময়
দিন আৰু ৰাতিৰ উমান নাপায়
চৰাইবোৰেও বাট কাটিব নোৱাৰি
থমকি ৰয় এচুকোত ।
য'ত প্ৰতিটো প্ৰহৰেই ধোঁৱাময়
দিন আৰু ৰাতিৰ উমান নাপায়
চৰাইবোৰেও বাট কাটিব নোৱাৰি
থমকি ৰয় এচুকোত ।
তাত এজাক শীতল বৰষুণৰ বৰ অভাৱ
হৃদয়ৰ জুইকুৰা নুমুৱাব নোৱাৰি
জ্বলালোঁ বহু আশা
বহু সপোন ।
হৃদয়ৰ জুইকুৰা নুমুৱাব নোৱাৰি
জ্বলালোঁ বহু আশা
বহু সপোন ।
তাত আপোন বুলি কোনো নাই
অথচ মোৰ কাষেৰে আহ যাহ কৰে
বহু ছাঁমূৰ্তি
চুই দিলেই আঁতৰি যায় |
অথচ মোৰ কাষেৰে আহ যাহ কৰে
বহু ছাঁমূৰ্তি
চুই দিলেই আঁতৰি যায় |
অনবৰতে বলি থকা
এজাক মায়াময় বতাহে
কেতিয়াবা ঠেলি লৈ যায়
অৰণ্যৰ গভীৰলৈ
য'ত মই বিচাৰি নাপাওঁ স্ব - সত্তা
সেয়ে এৰি থৈ আহিলোঁ সেই অৰণ্য |
এজাক মায়াময় বতাহে
কেতিয়াবা ঠেলি লৈ যায়
অৰণ্যৰ গভীৰলৈ
য'ত মই বিচাৰি নাপাওঁ স্ব - সত্তা
সেয়ে এৰি থৈ আহিলোঁ সেই অৰণ্য |








