হঠাতে লগ পালো তোমাক ( দীপাঞ্জলী চহৰীয়া কাকতি)












দিনবোৰ বাগৰিল
বহুত পালো
হেৰুৱালো বহুত ,
সময়ৰৰ সোঁতত
সকলো সলনি হ'ল
কুহেলিকাৰ ওৰণি গোচাই
আকৌ এবাৰ হাঁহিবলৈ
চেষ্টা কৰিছিলো ,

দেখিলো এখন অদেখা ছবি
হঠাতে দেখা ছবিখনে
পাহৰণিৰ গৰ্ভৰ স্মৃতিবোৰ
আকৌ সজীব কৰি তুলিলে
সেমেকি উঠিল দুনয়ন ,

আকাশখনো ক'লা হৈ আহিছে
শৰতৰ সেমেকা নিশাটোৱে
আকাশলৈ বুলি মাতি আনিলে
এচমকা কলিয়া ডাৱৰ ,
নিঁয়ৰৰ টোপাল বোৰ
এতিয়া টোপ টোপ কৈ
সৰি পৰিব ধৰিছে
এধাৰি অশ্ৰু মালা হৈ ৷


ঠিকনাঃ শিৱসাগৰ ৷
দূৰভাষঃ ৯৪৫৪৩১২৮০২ ৷