তই দিয়া মদিৰা পান কৰি কৰি
হৃদয়ত এটুকুৰা কেঁচা ঘাঁ বাট ভেটি ধৰিছে
এবুকু ক'লা ডাৱৰ দুখবোৰ
ক্ৰমে ক্ৰমে নীলা হৈ আহিছে
মম গ'লাদি টোপা টোপে নিগৰে অশ্ৰু ।
দুখন হৃদয়
মাজত এখন দেৱাল
আধা হৃদয় লৈ
মাজত এখন দেৱাল
আধা হৃদয় লৈ
মই এতিয়া মৃত আধা হৃদয় লৈ চুচৰি আছো
মৃত শৰীৰটো টানি টানি ।
মৃত শৰীৰটো টানি টানি ।
চিনাকি পথটো আজি অচিনাকি কাৰণ...
সুখৰ পাতবোৰ সৰি সৰি
সুখৰ পাতবোৰ সৰি সৰি
সেউজীয়া বোৰ শেষ হৈ গ'ল
আৰু ক্ৰমে ক্ৰমে পাতবোৰে ঢাকি পেলাইছে মোক ।
.
আৰু ক্ৰমে ক্ৰমে পাতবোৰে ঢাকি পেলাইছে মোক ।
.
দুখবোৰ সাগৰৰ পানীৰ দৰে
লুণিয়া বুকুত ডাঙৰ শিল
সপোনবোৰ একটকাত দিয়া
সপোনবোৰ একটকাত দিয়া
মেছেজ পঢ়ি ডিলিট কৰিলে শেষ
.
.
প্ৰতিশ্ৰুতি বোৰ কি ...?
প্ৰতিশ্ৰুতি লুইতৰ বাঢ়নি পানীৰ
কোবাল সোঁত এতিয়াই
হৃদয়ত বাৰিষাৰ পানীয়ে
হৃদয়ত বাৰিষাৰ পানীয়ে
এৰি যোৱা বোকাৰ প্ৰলেপ ।








