জীৱন কালত বহুত মানুহৰ মনলৈ আত্মহত্যাৰ ভাব আহে ৷ আশা কৰা মতে কামবোৰ নহ’লে, উপৰ্যোপুৰি ব্যৰ্থ হ’লে বা জ্ঞাতে / অজ্ঞাতে ভুল কাম কৰিলে এনে ভাব মনলৈ আহে ৷ "জীৱন কালত এনে পৰিস্থিতিৰ পৰা মুক্তিৰ পথ অসম্ভৱ" এই ধাৰণাই মানুহৰ মনত জীয়াই থকাৰ হাবিয়াস নাইকিয়া কৰে আৰু মানুহজনে আত্মহত্যাৰ পথ বাচি লয় ৷ আজিকালি নৱ প্ৰজন্মৰ মাজত এই প্ৰৱণতা অধিক ৷ কোনোৱে সাধাৰণ পৰীক্ষা এটাত আশানুৰূপ ফল নাপালেই আত্মহত্যা কৰে ৷ আৰ্নেষ্ট হেমিংৱেৰ "The oldman and the sea" নামৰ উপন্যাসখন এজন বুঢ়া মানুহৰ কাহিনী ৷ বুঢ়া মানুহজনে যুজি যুজি ডাঙৰ সাগৰীয় মাছ এটা কৰায়ত্ব কৰে ৷ পিচে মাছটো মাজ সাগৰৰ পৰা টানি টানি পাৰ পোৱাইহি মানে মাছটোৰ গাৰ মঙহবোৰ শ্বাৰ্কে খাই পেলায় ৷ মাছৰ কেৱল কংকালটোহে থাকে গৈ ৷ বুঢ়া মানুহজনৰ অটল মনোবলৰ কাহিনী বৰ্ণনা কৰা এই উপন্যাস খনে মানুহক কষ্ট কৰি জীয়াই থাকিবলৈ যথেষ্ট সাহস যোগায় ৷ মানুহে যি ঘটি গ’ল তাৰ ফলৰ মুখামুখি হ’বলৈ সাহস কিয় নকৰে ? অত্যধিক অনুশোচনা বা সত্যৰ মুখামুখি হোৱাৰ ভয় ইমান বেছি নে যে মানুহে নিজকে শেষ কৰি দিয়ে ? এনে সিদ্ধান্ত লোৱাৰ সময়ত ক’ত থাকে তেওঁলোকৰ আপোন পৰিজন ? কিমান বেছি অকলশৰীয়া অনুভৱ কৰিলে মানুহে নিজক ধ্বংস কৰাৰ কথা ভাবে ? সাধাৰণতে অত্যধিক মানসিক সংঘাটৰ ফলতেই মানুহে এনে সিদ্ধান্ত লয় ৷ জীয়াই থাকিবলৈ মন নোযোৱা যেন উপলব্ধি হ’লে বা আত্মহত্যাৰ সিদ্ধান্ত লোৱাৰ আগতে অন্ততঃ এটা দিন মানুহে আন এজন মানুহৰ দৰে কটাই চাব লাগে ৷ সেই আনজন মানুহ হ’ল তেওঁ যি এটা চকুৰেও নেদেখে, যি বোবা আৰু যাৰ এখনো হাত নাই ৷ ৰাতিপুৱা শুই উঠাৰ পৰা গোটেই দিনটো সেই মানুহজনৰ দৰে কটাবলৈ হ’লে শাৰীৰিক ভাৱে অক্ষম মানুহ এজনৰ বাবে ক’ত ক’ত আহুকাল হ’ব, এবাৰ কল্পনা কৰক ৷ বিচনাৰ পৰা খেপিয়াই খেপিয়াই উঠি আহি আপুনি দাঁত চাফা কৰিব লাগে ৷ যেনেতেনে আহি এতিয়া দাতোনত টুথপেষ্ট লগাব লাগে ৷ কেনেকৈ লগাব ? হাতনাই আপোনাৰ ৷ দাতেৰে টুথপেষ্টৰ টিউবটো ধৰি যেনেতেনে দাতোনত পেষ্ট লগালেই যেনিবা, এতিয়া দাঁত চাফা কেনেকৈ কৰিব ? প্ৰাতঃকৰ্ম কেনেকৈ কৰিব ? গা ধুবলৈ টিউবেলৰ পৰা বা পানীৰ টেপৰ পৰা পানী কেনেকৈ উলিয়াব ? ভাত ৰান্ধিবৰ কাৰণে পাচলি কেনেকৈ কাটিব ? ভাত ৰান্ধিব কেনেকৈ ? আপুনি চকুৱেও নেদেখে ৷ ফোনটো বাজিলে কথা কেনেকৈ পাতিব ? আপুনি চোন বোবা ৷ জীয়াই থকাৰ হাবিয়াস নাইকিয়া হৈছে যদি মাত্ৰ এটা দিন ঘৰৰ ভিতৰত এজন অন্ধ, বোবা বাহাত দুখন নোহোৱা মানুহৰ দৰে কটাই চাওক ৷ ঘৰৰ বাহিৰলৈ যোৱাৰ কথা বাদেই দিয়ক বাৰু ৷ ভাবকচোন ! এটা দিন কটাওঁতেই আপোনাৰ কি নগুৰ-নাগুটি অৱস্থা হ’ব ? কল্পনা কৰক, যি জন্মৰ পৰাই অন্ধ, যাৰ জন্মৰ পৰাই হাত-ভৰি একো নাই, যি জন্মৰ পৰাই বোবা কাৰণে কাৰো লগতেই এষাৰ কথা পাতি পোৱা নাই, তেনে মানুহে এই পৃথিৱীত দিনবোৰ কিমান কষ্টেৰে পাৰ কৰিছে ? তেওঁলোক দেখোন সাধাৰণ মানুহতকৈ বেছি অভিজ্ঞ, পৰিপক্ক আৰু আত্ম নিৰ্ভৰশীল ৷ অথচ আমি শাৰীৰিকভাৱে অক্ষম হৈও সাধাৰণ কথা এটাতে মন বেয়া কৰি আত্মহত্যা কৰাৰ কথা ভাবো ৷ আৰ্নেষ্ট হেমিংৱে আত্মহত্যা কৰিছিল কিন্তু তেওঁ তেওঁৰ উপন্যাসেৰে অসংখ্য মানুহক জীৱন যুদ্ধত অদম্য সাহসেৰে যুজিবলৈ প্ৰেৰণা দি গৈছে ৷ আমি সাধাৰণ মানুহ ৷ আনৰ কাৰণে আমি একোৱেই কৰা নাই ৷ মানুহে জন্ম লোৱাৰ সিদ্ধান্ত নিজে কেতিয়াও ল’ব নোৱাৰে ৷ অথচ আমি হতাশ হ’লে "মৰি যোৱাই ভাল" বুলি ভাবিবলৈ পিচ নোহোঁকো ৷ পৰমুখাপেক্ষী শিশু অৱস্থাৰ পৰা আমাক তুলি তালি ডাঙৰ কৰা অভিভাৱকৰ কষ্টক হেয় কৰি আমি আমাৰ মৃত্যুৰ সিদ্ধান্ত নিজেই লৈ পেলাও । আপুনি যদি জীয়াই থকাৰ মাদকতা হেৰুৱাইছো বুলি ভাবিছে তেন্তে নিজকে গৰিহনা দিয়ক ৷ নিজক নিজৰ মাজতে আবদ্ধ নাৰাখি বাহিৰৰ পৃথিৱীখনলৈ চাওক ৷ আপোনাতকৈ বহুত কষ্ট কৰি বহুত মানুহে আনন্দেৰেই জীয়াই আছে ৷
আত্মহত্যাৰ পূৰ্বে (ড° সমাদৃতা গোস্বামী)