শৰৎ, শাৰদীয় দূৰ্গোৎসৱ- লৌকিকতা আৰু প্রাসংগিকতা (অনিতা গগৈ)

     

           শেষ হৈ গ’ল লুব্ধ আকাশৰ হিংস্র উৎসৱ / উখল মাখল পথাৰত এতিয়া সেউজীয়াৰ ঢল ।’ –হীৰেণ ভট্টাচাৰ্য ৷ সঁচাই । আহোনে নে নাহোকৈ আকাশে বতাহে মাদকতা ছটিয়াই পুনৰ আহিল শৰৎ । মৃদু-মধুৰ সমীৰণৰ শিহৰণ সানি, মেদবিহীন কপহুৱা মেঘেৰে সুনীল আকাশ শোভি, জাকে জাকে বনৰীয়া পখী, জীৱ জন্তুৰ নিৰুদ্বেগ বিচৰণেৰে নিৰ্মল স্বচ্ছ জলধাৰেৰে খৰস্রোতা শীৰ্ণ তটিনীৰ দুয়োপাৰে ফুলি হালি-জালি নচা শুকুলা সাগৰ যেন কঁহুৱাৰ লানিৰে, সন্ধ্যা আৰু প্রভাতৰ আকাশৰ কুঁৱলীৰ পাতলীয়া আৱৰণ ফালি চুচুক চামাককৈ ওলোৱা অৰুণৰ সোণোৱালী বোলসনা ধানপাতৰ আগলিত, চোতালৰ দূবৰিত নিয়ৰৰ চিক্ মিক্ মুকুতা পিন্ধাই দূবৰিৰ দলিছা শুৱাই সৰা আমোলমোল সুৱাস সিক্ত শেৱালিৰ মোহনীয়া হাঁহিৰে পৃথিৱী উপচাই শৰত আহিল এই মৰতলৈ । মায়াসনা এই মৰত ! কেনে অনুপম এই শৰৎ ! মনোমোহা প্রকৃতিৰ এই বিনন্দীয়া ৰূপত দুদিনলৈ হ’লেও পাহৰি যাওঁ আমি জীৱনৰ ৰুঢ় বাস্তৱ । বান গৰাখহনীয়া, মাৰি-মৰক আদি বিভিন্ন সমস্যাৰে ভাৰাক্রান্ত আশাহত প্রানে কিঞ্চিত সকাহ পাই পুনৰ সাজে আশাৰ দৌল । এয়ে জীৱন ! হাঁহি-কান্দোন, আশা-নিৰাশা, পোৱা-নোপোৱাৰ সংমিশ্রণ কিন্তু তাৰ মাজতো আমি জীয়াই থাকিব লাগিব প্রকৃতিৰ নিবিড় সান্নিধ্যৰে । জয় পৰাজয়, উত্থান পতনক স্বীকাৰ কৰি, সংস্কৃতিৰ সাধনাৰে দূষ্কৃতিক বিনাশি শুভ শক্তিক সাৰথি কৰি অশুভক পৰাভূত কৰি আগবাঢ়িব লাগিব জীৱনৰ উখোৰা মোখোৰা বিপদ সংকূল বাটত হেজাৰ বিঘিনি অতিক্রমি দৃঢ়তাৰে । শৰতৰ প্রকৃতিয়ে আমাক দিয়ে সেই অদম্য সাহ জীৱন-বাটৰ । সেয়ে সকলোৰে প্রিয় ঋতু শৰৎ । অতীজৰে পৰা বৰ্তমানলৈ শৰতৰ ৰূপত বিমোহিত হৈ বিভিন্নজন কবি, গীতিকাৰে শৰতৰ গুন গানেৰে সমৃদ্ধ কৰি গৈছে ভাৰতীয় সাহিত্য । শংকৰদেৱৰ শৰত বৰ্ণনা এক অনবদ্য সৃষ্টি । – ‘শৰৎ সমান নাহি সুখকাল হৰৈ দুখ অনুক্রমে/আকাশত মেঘ যতেক আছিলেক গুছাইলেক তাক প্রথমে/য’ত জীৱ- জন্তু সংকটে আছিল ঘোৰ বাৰিষাৰ পদে/শৰত কালত তৰল বিৰলে বঞ্চিল সুখ ইচ্ছা সুখদ ।’ এই শৰততে উদযাপন ক’ৰা হয় শাৰদীয় দূৰ্গা পূজা । 'শক্তি-ৰুপা মহামায়া মাদশ ভূজা দূৰ্গা' -জগত-জননী । সৰ্ব দুঃখ হাৰিণী, শক্তি প্রদায়িনী । অশুভ শক্তিৰ প্রতীক মহিষাসুৰ মৰ্দিনী মা দূৰ্গাৰ চৰণত সৰগৰ সকলো দেৱতাই একত্রে আৰাধানা কৰিছিল । সকলো শক্তি কেন্দ্রীভূত কৰি জাগ্রতা কৰিছিল মা দূৰ্গাক অসুৰ দমনৰ হেতু ৷ সেয়ে এই ভাৰত ভূমিত যুগে যুগে বন্দিতা মাঃ দূৰ্গতি নাশিনী। বিভিন্ন লোকাচাৰ পৰম্পৰাৰে অতীজৰে পৰা চলি আহিছে মা দূৰ্গাৰ পূজা । স্বয়ং শ্রীৰামচন্দ্র ভগৱানেও সীতা উদ্ধাৰৰ হেতু ৰাৱনবধৰ পূৰ্বে সিদ্ধি লাভৰ উদ্দেশ্যে আয়োজন কৰিছিল দশভূজাৰ অকালবোধন শাৰদীয় দূৰ্গাপূজা । আনহাতে ৰাৱন আছিল দেবীৰ একান্ত অনুগত ভক্ত । কিন্তু ৰাম-ৰাৱনৰ যুদ্ধৰ পূৰ্বে ৰাৱনৰ দূৰ্গা আৰাধানাত চলেৰে বিধি পথালি দিছিল ভাতৃ বিভীষণে । সেয়ে, যুদ্ধত পৰাস্ত হৈছিল ৰাৱন । ৰাৱনৰ অশোকবনৰ পৰা বানৰ সেনাৰ সহায়ত সীতা উদ্ধাৰিছিল ৰামচন্দ্রই । প্রধানতঃ পশ্চিমবংগৰ উৎসৱ হিচাপে পৰিগনিত দূৰ্গা পূজা আজি প্রায় সমগ্র ভাৰতবৰ্ষতে পালন কৰা হয় । অসমতো অতীজৰে পৰা কামাখ্যা ধাম, শুক্লেশ্বৰী দেৱালয়, দেৱী দৌল আদিত পৰম্পৰাগত ভাবে পালিত হৈ আহিছে দেৱী দূৰ্গাৰ পূজা সেৱা । ছত্রভংগ যোগত পতিত আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ পৃষ্ঠপোষকতাত শিৱসাগৰৰ দেৱীদৌলত প্রথমবাৰৰ বাবে ৰাজ পৃষ্ঠপোষকতাত পালন কৰা হৈছিল শক্তি পূজা । সেই পূজাতে, বলিকটা তেজৰ ফোট ল’বলৈ মায়ামৰীয়া সত্রৰ শিচ্ ৰাঘমৰাণ আৰু তেওঁৰ ভাতৃক বাধ্য কৰোৱা বাবে, ওপজা প্রজাৰ অসন্তুষ্টিৰ ফলত অন্তৰ্কন্দলৰ সৃষ্টি হৈ পিছলৈ মোৱামৰীয়া বিদ্রোহৰ সূত্রপাত হৈছিল । সেয়া অন্য প্রসংগ । কিন্তু তেতিয়াৰে পৰা প্রকাৰান্তৰে ৰাজ অনুমোদন লাভ কৰা দেৱীপূজাৰ বলি বিধান এই অসম মূলূকত আজিও প্রচলিত হৈ আহিছে পূৰ্বাপৰ ৰীতি অনুযায়ী বৰঞ্চ অধিকতৰ প্রৱল ভাবে । হৃদয়ৰ পবিত্রতাৰে, সাত্বিকতাৰে মা দূৰ্গাৰ পূজাৰ উদযাপন এক শুভ পৰম্পৰা । উচ-নীচ, জাতি-বৰ্ণ, ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্রায় সকলো ভাৰতীয় লোকেই পূজাৰ মাংগলিক অনুষ্ঠান তথা আনন্দোৎসৱত স্বতঃষ্ফুৰ্তভাৱে অংশগ্রহণ কৰে । এনেকি আজিকালি প্রৱাসী ভাৰতীয় সকলৰ পৃষ্ঠপোষকতাত পৃথিৱীৰ বিভিন্ন প্রান্ততো অনুষ্ঠিত হোৱা দূৰ্গা পূজাত বিদেশী ভক্ত অনুৰাগীৰ অংশ গ্রহণেও ভাৰতীয় পৰম্পৰা, লোকাচাৰেৰে উদযাপিত দূৰ্গোৎসৱক প্রদান কৰিছে সাৰ্বজনীনতা । মা দূৰ্গাৰ পূজা প্রতীকী ৰূপত দেশমাতৃৰ পূজা । এক কথাত পৃথিৰীৰে পূজা, কাৰণ পৃথিৱীও আমাৰ মাতৃ । আমি সকলো পৃথিৱীৰ সন্তান । তেনেস্থলত একেগৰাকী মাতৃৰ সন্তান আমি মানুহে আমাৰে মাতৃৰ অন্য সন্তানক বলি দি কেনেকৈ পূজো সন্তানৰ ৰক্তৰে ৰঞ্জিত আইৰ চৰণ ? আজিৰ পৃথিৱীৰ সংকটৰ ক্ষণত, বিপন্ন মানৱতাৰ দূৰ্যোগ লগনত আমি যুক্তিৰে দূৰ দৃষ্টিৰে প্রকৃত মানুহৰ দৃষ্টিভংগীৰে কথাবোৰ চিন্তিবৰ সময় সমাগত নহয়নে ?
             যিখন ভাৰতবৰ্ষত শক্তিৰ বেদীত প্রতিষ্ঠা কৰি পূজা কৰা হয় শক্তিৰূ পীনী মা দূৰ্গাৰ প্রতিমূৰ্তি, সেইখন ভাৰতবৰ্ষতেই ধৰ্ষিতা নাৰীৰ আৰ্তনাদত পৃথিৱী কম্পমান । ধৰ্ষিতা শিশু, কিশোৰীৰ পঞ্জীয়নভূত তথ্য নিৰীক্ষণ কৰি কঁপালত উঠে চকু । তেনেক্ষেত্রত মাতৃ পূজাৰ আনুষ্ঠানিকতা কেৱল প্রদৰ্শন কামিতাৰে নামান্তৰ নহয় জানো ? বছৰে বছৰে বান গৰাখহনীয়াৰ কবলত, দূৰ্ভিক্ষৰ গৰাহত ককবকাই থকা অসমৰ দৰে এখন ৰাজ্যত হেজাৰ হেজাৰ দূৰ্ভগীয়াৰ কৰুণ বিননি আকাশে বতাহে মাৰ নাযাওঁতেই মাথো লৌকিকতা পৰম্পৰাৰ নামত কোটি কোটি টকা পানীত উটুৱাই দিয়াৰ কেনে নীচক মানসিকতা আমাৰ ! তাৰ পৰিবৰ্তে যদি পূজা আয়োজক সমিতি সমূহে সেই সংগৃহীত বৃহৎ পৰিমানৰ ধনৰাশি জনহিতাৰ্থে ব্যয় কৰিলহেঁতেন । যদি পূজাৰ নামত অযথা আড়ম্বৰ পৰিহাৰ কৰিলহেঁতেন । হেজাৰ হেজাৰ ছাগলী, ম'হ আদি মুক পশু বলি নিদিয়াকৈও জানো অন্তৰৰ পবিত্রতাৰে উদযাপন হ’ব নোৱাৰে এই পূজা ? মাৰ আৰাধনা ? যি স্থলত পূজাৰ বেদীত উৎসৰ্গা ক’ৰা প্রসাদ গ্রহণ নকৰিলে সিদ্ধি নহয় মনঃষ্কাম ! তেনেস্থলত বিশাল শৰীৰৰ, মানুহৰৰ অভক্ষ্ ম'হ বলি কিমান প্রাসংগিক ? এটা ম'হ কৃষক পৰিয়ালত অৰ্থোপাৰ্জন তথা কৃষি কৰ্মৰ বাবে এক প্রয়োজনীয় জন্তু । ছাগলী, হাঁহ আদিৰ বলিও কেৱল অতীজৰ পৰম্পৰা লোকাচাৰৰ নামত বৰ্তাই ৰখা জানো সমীচীন ? অতীজতে দেখোন নৰবলিও দিয়া হৈছিল ? সমাজৰ অগ্রনী ব্যক্তিসকলে অন্ততঃ নৈতিকতাৰ দৃষ্টিভংগীৰে এইক্ষেত্রত মূখ্য ভূমিকা লোৱা উচিত পৃথিৱীক মানুহৰ বসোপযোগী কৰি ৰখাৰ স্বাৰ্থত । মা দূৰ্গাৰ শুভাগমনে এই ধৰাৰ বুকুলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা । শাৰদীয় দূৰ্গোৎসৱৰ এই পাকমূহুৰ্তত এয়াই শুভকামনা । আহক আমি সকলোৱে অন্তৰৰ সভক্তিৰে মাৰ চৰণত শৰণাগত হওঁ সৰ্বজনৰ মংগল কামনাৰে, পৃথিৱীৰ শুভকামনাৰে । যঃ দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা । নমঃতস্মৈ নমঃতস্মৈ নমঃতস্মৈ নমোনমঃ ।